অসম

বহি ৰাজ্যত আবদ্ধ অসমৰ শ্ৰমিক-শিক্ষাৰ্থীৰ সুৰক্ষা, চিকিৎসা নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ ইণ্ডিজেনাছ ট্ৰাইবেল সাহিত্য সভাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমৰ পৰা গৈ বহি ৰাজ্যত শ্ৰমিক হিচাবে কৰ্মৰত তথা শিক্ষাৰ্থীৰ এক বৃহৎ অংশ এতিয়াও বিভিন্ন কোৰোনা ভাইৰাছ আক্ৰান্ত ৰাজ্যতে আবদ্ধ হৈ আছে। ইয়াৰ ভিতৰত কেৰেলা, মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, তামিলনাডু আদিও আছে। এইসকলৰ ভিতৰতে শ্ৰমিকৰ উপাৰ্জনৰ পথ বন্ধ হোৱাৰ লগতে শিক্ষাৰ্থীসকলক পৰিয়ালে বেংকিঙৰ অসুবিধাৰ বাবেই অৰ্থৰ যোগান ধৰিব পৰা নাই।

আনহাতে প্ৰতিমুহুৰ্ততে তেওঁলোক কোৰোনা আক্ৰান্ত ৰাজ্যসমূহত সংক্ৰমণৰ বলি হোৱা আশংকাও প্ৰৱল। এনে পৰিস্থিতিত অসম চৰকাৰক সংশ্লিষ্ট ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি নাজল-নাথল অৱস্থাত থকা এই শ্ৰমিক আৰু শিক্ষাৰ্থীসকলৰ নিৰাপত্তা, খাদ্য পাতি আৰু স্বাস্থ্য সম্পৰ্কীয় ব্যৱস্থা সু নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে ইণ্ডিজেনাছ পিপুলছ ট্ৰাইবেল সাহিত্য সভা, অসমে। আনহাতে সংঠনটোৱে বহি ৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা শ্ৰমিক তথা শিক্ষাৰ্থীসকলৰ জৰিয়তে যাতে কোনো প্ৰকাৰে ভয়াৱহ কোৰোনা ভাইৰাছৰ সংক্ৰমণ ঘটিব নোৱাৰে সেই ক্ষেত্ৰতো দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাইছে।

উল্লেখ্য যে, ইণ্ডিজেনাছ ট্ৰাইবেল সাহিত্য সভা হ'ল বড়ো, মিচিং, কাৰ্বি, তিৱা, ৰাভা, দেউৰী, ডিমাছা আৰু গাৰোসকলৰ এক উমৈহতীয়া সাহিত্য আৰু সংস্কৃতি মঞ্চ। সংগঠনটোৰ হৈ ইয়াৰ সভাপতি-সম্পাদক ক্ৰমে গোবিন্দ টাইড আৰু কমলাকান্ত মুছাহাৰীয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনৰ প্ৰতিলিপি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ লগতে মুখ্যমন্ত্ৰী আৰু বিটিচি প্ৰধানৰ প্ৰধান সচিবলৈও প্ৰেৰণ কৰিছে।