অসম

যুৱ অলিম্পিক-২০২২ত স্বৰ্ণ পদক প্ৰাপক ঘিলামৰাৰ ইন্দিবৰক বিপুল আদৰণি

asomiyapratidin

ডিজিটেল সংবাদ ,ঢকুৱাখনা :   সদ্য সমাপ্তি ঘটা অসম যুৱ অলিম্পিক ২০২২ত  ঢকুৱাখনা মহকুমাৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা  ঘিলামৰাৰ এগৰাকী যুৱ ক্ৰীড়া  প্ৰতিভাধৰ  ঘিলামৰাৰ ইন্দিবৰ হাজৰিকাক শুক্ৰবাৰে জন্মস্থানত বিপুল আদৰণি জনোৱা হয় ।

যুৱ অলিম্পিকত  ইন্দিবৰে ১৫০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক আৰু ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি সমগ্ৰ লখিমপুৰ জিলাখনৰ লগতে ঘিলামৰালৈ  বিৰল কৃতিত্ব কঢ়িয়াই আনিবলৈ সমৰ্থ হয় । প্ৰতিভা সম্পন্ন যুৱ ক্ৰীড়াবিদ ইন্দিবৰে শুক্ৰবাৰে পদক লৈ ঘৰলৈ অহাৰ সময়তে ঘিলামৰাবাসীয়ে পুৱা বেলা ৯ বজাত বিপুল আদৰণি আৰু অভিনন্দন জনায় ।

ঘিলামৰা ঘাহি গাঁওৰ উপেন্দ্ৰ হাজৰিকা আৰু সেউতী হাজৰিকাৰ পুত্ৰ ইন্দিবৰক ঘিলামৰা ঘাহি গাঁও যুৱক সংঘ, ঢকুৱাখনা জিলা সূত সন্মিলন , উন্নয়ন পৰিষদ, ঘিলামৰা ব্লক এন এছ ইউ আই , ব্লক যুৱ কংগ্ৰেছ সমিতি ,ঘিলামৰা প্ৰেছ ক্লাব আদি বিভিন্ন সংগঠন আৰু ৰাইজে গোগামুখ-ঘিলামৰা ৰাজ্যিক ঘাই পথৰ চামপৰা দলংৰ পৰা গাড়ী আৰু বাইকেৰে সমদল কৰি ঘৰলৈ আদৰি আনে। 

স্বৰ্ণ পদক আৰু ব্ৰঞ্জৰ পদক বিজয়ী যুৱ প্ৰতিভাধৰ গৰাকীক ৰাইজে স্বতঃস্ফুট ভাবে ৰাজপথলৈ  ওলাই আহি গামোচা পিন্ধাই সম্বৰ্ধনা জনায় । সফল ক্ৰীড়াবিদ গৰাকী ঘৰত উপস্থিত হোৱাৰ সময়তে  অগণন শুভাকাংক্ষী উপস্থিত হৈ মঙ্গল ধ্বনিৰ মাজত গাঁওবাসীৰ লগতে ঘিলামৰাৰ বিভিন্ন ব্যক্তি, অনুষ্ঠান, প্ৰতিষ্ঠানে অভিনন্দন জনাই সমুজ্জ্বল ভৱিষ্যত কামনা কৰে । উল্লেখ্য যে গাঁওখনৰ পৰা যুৱ অলিম্পিকলৈ যোৱা দুজন বিজিত খেলুৱৈকো সম্বৰ্ধনা জনোৱা হয় ।