অসম

ভাৰতত কোৰোনাৰ অভিলেখঃ এটা দিনত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দেখিলে চকু উঠিব কপালত…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেশত কোৰোনাৰ সংহাৰ দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ৮লাখৰ ঘৰ। শুনি আচৰিত হব যে, এটা দিনতে ভাৰতত কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ২৭,১১৪গৰাকী লোক আৰু মৃত্যু হৈছে ৫১৯গৰাকী লোক। ২৪ঘন্টাৰ ভিতৰত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা এতিয়ালৈকে এয়াই হৈছে সৰ্বাধিক।

ইফালে দেশত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছেগৈ ৮লাখ ২০হাজাৰ ৯১৬গৰাকী। ইয়াৰে ২লাখ ৮৩হাজাৰ ৪০৭গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে ৫লাখ ১৫হাজাৰ ৩৮৬গৰাকী কোৰোনামুক্ত হৈ ঘৰলৈ উভটিছে। বৰ্তমানলৈ ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ২২,১২৩গৰাকী লোক।