অসম

প্ৰধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি, বেলকনি-বাৰান্দাতে জ্বলালে চাকি-ম’বাইলৰ ফ্লেছ…LIVE UPDATES

asomiyapratidin

নিশা ৯.২০ বজাতঃ প্রধানমন্ত্ৰীৰ আহ্বানলৈ চিআৰপিএফ জোৱানসকলেও জনালে সঁহাৰি। লাইট অফ কৰি ম'বাইল ফ্লেছ জ্বলালে জোৱানসকলে।

নিশা ৯.১৭ বজাতঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও প্ৰধানমন্ত্ৰীৰ এই আহ্বানত সঁহাৰি জনালে। পৰিয়ালৰ আন সদস্যৰ সৈতে কোৰোনাৰ বিৰুদ্ধে দেশবাসীৰ লগতে ৰাষ্ট্ৰপতিগৰাকীয়েও জ্বলালে মমবাতি।

নিশা ৯.১৫ বজাতঃ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো ম'বাইলৰ ফ্লেছ লাইট জ্বলাই প্রধানমন্ত্ৰীক জনালে সহাৰি। তেওঁৰ লগতে উপস্থিত থাকে মন্ত্ৰী পীয়ুষ হাজৰিকাও।

নিশা ৯.১৪ বজাতঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও সঁহাৰি জনালে প্রধানমন্ত্ৰী মোডীৰ আহ্বানত। কেইবাগচ চাকি জ্বলালে মুখ্যমন্ত্ৰীগৰাকীয়ে।

নিশা ৯.১২ বজাতঃ প্রধানমন্ত্ৰীয়ে মোডীয়েও জ্বলালে চাকি। কোৰোনাৰ বিৰুদ্ধে একমহাশক্তি জাগ্ৰত কৰাৰ উদ্দেশ্যে ডিঙিত গামোচা লৈ, ধূতি-কুৰ্টা পিন্ধি প্রধানমন্ত্ৰীগৰাকীয়ে জ্বলালে এগচি চাকি।

নিশা ৯.০৯ বজাতঃ প্রধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মমবাতি, চাকি জ্বলোৱাৰ লগতে দুই-একে অৱশ্যে ফটকা ফুটুৱা, কাহি-ঘণ্টা বজাও দেখা গ'ল।

নিশা ৯.০৭ বজাতঃ কোৰোনাৰ সংকটৰ পৰা ৰক্ষা পাবলৈ জনসাধাৰণে ঘৰৰ লাইট অফ কৰি জ্বলাইছে চাকি-বন্তি।

নিশা ৯.০৫ বজাতঃ দেশৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ চানমাৰি, শিলপুখুৰী, পূৱ শৰণীয়া, গান্ধীবস্তি, জু-ৰোড তিনিআলি, গীতানগৰ, নাৰেংগী, নুনমাটি সকলোতে কোৰোনাৰ বিৰুদ্ধে মহাশক্তি প্ৰদৰ্শনৰ উদ্দেশ্যে চাকি, মমবাতি জ্বলাইছে জনতাই।

নিশা ৯.০৪ বজাতঃ বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসেও ঘৰত জ্বলালে চাকি।

https://www.facebook.com/RanjeetkrDass/videos/208567310403308/

নিশা ৯.০২ বজাতঃ গুৱাহাটীত অট্টালিকা-ঘৰৰ বাৰান্দাত টৰ্ছ লাইট, ফ্লেছ, চাকি জ্বলালে মহানগৰবাসীয়ে।

নিশা ৯ বজাতঃ প্রধানমন্ত্ৰীৰ আহ্বানলৈ দেশবাসীৰ সঁহাৰি। ঘৰৰ লাইট অফ কৰি বাৰান্দাত জ্বলালে মমবাতি, ম'বাইল ফ্লেছ আৰু চাকি।