অসম

কোৰোনাৰ বাবে কেনেদৰে উদযাপন হ’ব এইবাৰ স্বাধীনতা দিৱস…

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনাৰ পৰিপ্ৰেক্ষিতত এইবাৰ কেনেদৰে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব সেই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে বিশেষ কিছু নীতি নিয়ম জাৰি কৰিছে। ৰাজ্যিক, জিলা আৰু মহকুমা পৰ্যায়ত এই নীতি নিয়ম সমূহ পালন কৰিহে স্বাধীনতা দিৱস কাৰ্যসূচী উদযাপন কৰিবলৈ দিছপুৰে নিৰ্দেশ দিছে।

সেই অনুসৰি, এইবাৰ কোৰোনাৰ বাবে স্বাধীনতা দিৱসৰ কাৰ্যসূচী সীমিত কৰা হৈছে। পতাকা উত্তোলন স্থলীত ব্যাপক জনসমাগমৰ ক্ষেত্ৰত বাধা আৰোপ কৰাৰ লগতে ৰাজ্যিক পৰ্যায়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে ১৫ আগষ্টৰ দিনা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি ৰাজ্যবাসীকউদ্দেশ্যি ভাষণ প্ৰদান কৰিব।

পূৰ্বৰ দৰে এই কাৰ্যসূচী স্কুল, কলেজৰ শিক্ষাৰ্থী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী (এনচিচি) আৰু স্কাউট এণ্ড গাইডে অংশ নলয়। আৰক্ষী তথা অৰ্ধ সামৰিক বাহিনীয়ে স্বাধীনতা দিৱসৰ মাৰ্ছ পাৰ্ছত অংশ ল'ব যদিও তেওঁলোকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে জাৰি কৰা স্বাস্থ্যগত বিধি সমূহ সম্পূৰ্ণ ৰূপে পালন কৰিব লাগিব।

এই অনুষ্ঠানত উপস্থিত থকা প্ৰতিজনেই মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰা হৈছে। দিৱস উদযাপন ক্ষেত্ৰ সম্পূৰ্ণ ৰূপে ছেনিটাইজ কৰাৰ লগতে মঞ্চ, বক্তৃতা মঞ্চ, পতাকা দণ্ড, চকী, সামগ্ৰীসমূহ চেনিটাইজ কৰাতো বাধ্যতামূলক।

উদযাপন স্থলীৰ প্ৰৱেশ স্থানত হাত ধোৱা, ছেনিটাইজাৰ আৰু থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা থাকিব। এই উদযাপনস্থলীৰ কাৰ্যসূচীৰ সৈতে জড়িত শ্ৰমিকসকলক প্ৰথমে কোভিড টেষ্ট কৰা হ'ব। তেওঁলোকৰ পৰীক্ষাৰ ফলাফল নিগেটিভ হ'লেহে কামত যোগদান কৰিব পাৰিব।

ৰাজ্যিক আৰু জিলা, মহকুমা পৰ্যায়ত কোভিড-১৯ যুঁজৰ অন্যতম যোদ্ধা ৰূপে বিবেচিত চিকিৎসক, চিকিৎসা কৰ্মী, ছেনিটেশ্যন কৰ্মীসকলক তেওঁলোকক কৃতজ্ঞতা যচাৰ চিন স্বৰূপে স্বাধীনতা দিৱস কাৰ্যসূচীলৈ নিমন্ত্ৰণ কৰাৰ ব্যৱস্থা কৰা হৈচে।

ইয়াৰ উপৰিও কোভিড-১৯ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা কেইবাজনো ব্যক্তিক এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা হ'ব। এই অনুষ্ঠানসমূহত কোনো সাংস্কৃতিক কাৰ্যসূচী নাথাকে। স্বাধীনতা দিৱস উপলক্ষে কোনো বঁটা বা সন্মান যচাৰ কাৰ্যসূচী ৰখা হোৱা নাই। অৱশ্যে তেওঁলোকৰ নাম ঘোষণা কৰা হ'ব আৰু পৰৱৰ্তী সময়ত সংশ্লিষ্ট উপায়ুক্তৰ জৰিয়তে সেই সমূহ স্বগৃহত প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে।

স্বাধীনতা দিৱস অনুষ্ঠানত দুপৰীয়াৰ আহাৰ বা জলপানৰ ব্যৱস্থা নাথাকিব। গুৱাহাটীতো এইবাৰ স্বাধীনতা দিৱস জৰ্জ খেলপথাৰত অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ উপায়ুক্তই ইতিমধ্যে এই কথা সদৰী কৰিছে।