অসম

কৰ বিভাগত আয়ুক্ত অনুৰাগ গোৱেলে গঢ়িছে দুৰ্নীতিৰ পাহাৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ অসম কৰ বিভাগৰ আয়ুক্ত অনুৰাগ গোৱেলে মন্ত্ৰী হিমন্ত বিশ্বৰ আশীৰ্বাদপুষ্ট হৈ দুৰ্নীতিৰ বেহা মেলাৰ অভিযোগ উত্থাপিত হৈছে। জি এছ টি প্ৰৱৰ্তন হোৱাৰ পাছত ৰাজ্যৰ প্ৰায় কেইখন তালাচী চকীত অনলাইন যোগে কৰ সংগ্ৰহ হয়। কিন্তু ইয়াৰ পাছতো নিয়ম বহিৰ্ভূতভাৱে একাংশ মধ্যভোগীৰ জৰিয়তে মাল ভৰ্তি ট্ৰাকসমূহ জব্দ কৰি এই লুণ্ঠনৰ বেহা অব্যাহত ৰাখিছে অনুৰাগ গোৱেলে।

কৰ আয়ুক্তগৰাকীয়ে সেই ট্ৰাকসমূহ জব্দ কৰি প্ৰথমে লৈ আহে কৰ ভৱনলৈ। কৰ ভৱনত ট্ৰাক সমূহৰ মালিকৰ সৈতে দৰ দাম কৰি এইগৰাকী আয়ুক্তই এতিয়া চলাইছে লুণ্ঠনৰাজ। কিবা অনিয়ম থাকিলে এইদৰে জব্দ কৰা ট্ৰাকসমূহ আৰক্ষীক চমজাই দিব লাগে যদিও কিয় ট্ৰাকসমূহ কৰ ভৱনলৈ লৈ অহা হয় তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

প্ৰায়ে কৰ ভৱনৰ চৌহদত এতিয়া এনে ট্ৰাকৰ ভিৰ দেখা পোৱা যায়। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সাংবাদিকে কৰ ভৱনৰ চৌহদত গৈ প্ৰত্যক্ষ কৰিলে তেনেদৰে ৰখাই থোৱা ট্ৰাক। উল্লেখযোগ্য যে, কৰ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ এটাত ৫ বছৰৰো অধিক সময় দপদপাই আছে এইগৰাকী বিষয়াই। মন্ত্ৰী হিমন্ত বিশ্বৰ ঘনিষ্ঠ হোৱাৰ বাবেই তেওঁ এই বিভাগটো ইচ্ছানুসৰি পৰিচালিত কৰিছে।

বিভাগটোৰ আন্তঃগাঁথনি এতিয়া এনে অৱস্থাত আছে যে ইয়াত কৰ্মৰত বিষয়া তথা কৰ্মচাৰী বহিবলৈও চকী-মেজৰ অভাৱ। এইবোৰ কথা কোনোবাই তেওঁক ক'বলৈ গ'লেও গালি গালাজ পাৰি খেদাই দিয়ে বিষয়া-কৰ্মচাৰীক। উল্লেখ্য যে, আয়ুক্তগৰাকীয়ে পত্নী ডা০ বিন্দু সিং গোৱেলৰ নামত দুৰ্নীতিৰ আশ্ৰয় লৈ উপাৰ্জন কৰা ধনেৰে খুলিছে এখন চকু চিকিৎসালয়। ডা০ বিন্দু সিং গোৱেল সেইগৰাকী চিকিৎসকস যিগৰাকীয়ে জি এম চি এইছত চকুৰ অস্ত্ৰোপ্ৰচাৰ কৰি কেইবাজনৰো দৃষ্টি শক্তি চিৰদিনৰ বাবে কাঢ়ি নিছিল।

পত্নীৰ নামত খোলা এই চিকিৎসালয়খন আছে জি এছ ৰোডৰ এবিচি বাছ আস্থানৰ সমীপত। ক্ষমতাৰ ৰাগীত বলিয়ান হোৱা এইগৰাকী বিষয়াই এই চিকিৎসালয়খনৰ কাম কাজতো চৰকাৰী বিষয়া-কৰ্মচাৰীক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অনুৰাগ গোৱেলে কৰ বিভাগৰ কৰ্মচাৰীয়ে পাব লগা যাৱতীয় সা-সুবিধা ২ বছৰ ধৰি বন্ধ ৰাখি সেই ধনেৰে পত্নীৰ চকু চিকিৎসালয় তথা অন্য কামতো ব্যয় কৰাৰ অভিযোগ তুলিছে কৰ বিভাগৰ একাংশই।

আনহাতে কৰ বিভাগৰ ফুলনিত কাম কৰিবলৈ দিয়া নিযুক্তি দিয়া মালী, ড্ৰাইভাৰকো তেওঁ ব্যৱহাৰ কৰে ব্যক্তিগত কামত। বিভাগটোৰ জ্যেষ্ঠ সহায়ক সীমান্ত বৰাৰ জৰিয়তে বিভিন্ন লোকৰ পৰা এইগৰাকী বিষয়াই ধন সংগ্ৰহ কৰে বুলিও অভিযোগ আছে। ইমান গুৰুত্বপূৰ্ণ অভিযোগত অভিযুক্ত হৈও কেৱল হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবেই এতিয়া এইগৰাকী আয়ুক্তই দুৰ্নীতিৰ পাহাৰ গঢ়িছে।

এন আৰ