ডিজিটেল ডেস্ক : কোন সমষ্টিত কোন দলৰ কোন প্ৰাৰ্থী হ'ব সেয়া এতিয়াও চূড়ান্ত হোৱা নাই । ছ'চিয়েল মিডিয়াত প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱা বুলি কিছু তালিকা ভাইৰেল হৈছিল । কিন্তু এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা এতিয়াও কৰিবলৈ বাকী ।
দিল্লীত ইখনৰ পিছত সিখন বৈঠক বহিছে যদিও অগপ,বিজেপি আৰু ইউপিপিএলৰ সমষ্টিৰ ভাগ বতৰাকলৈ থকা জটিলতা আতৰ হোৱা নাই । কোনো কোনোৱে এই খবৰো প্ৰকাশ কৰিছে যে বৰ্তমানৰ ১২ গৰাকী বিজেপি বিধায়কে আৰু অগপৰ ৫ গৰাকী বিধায়কে এইবাৰ টিকট নাপায় ।
একেদৰে টিকট কেন্দ্ৰীক ব্যস্ততা কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটতো অব্যাহত আছে । অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজতো টিকটক লৈ মত পাৰ্থক্য দেখা দিছে । মহাজোঁটত থকা দল সমূহৰ মাজত আসন ভাগবতৰাক লৈ আলোচনা ইতিমধ্যে সমাপ্ত হৈছে ।
কংগ্ৰেছে প্ৰতিদন্দিতা কৰিব লগা সমষ্টি সমূহতো প্ৰাৰ্থীৰ নিৰ্বাচনৰ বাবে স্ক্ৰীণিং কমিটিৰ বৈঠক বহিছে । এতিয়া প্ৰাৰ্থিত্বক লৈ নিমিলা অংক প্ৰতিটো ৰাজনৈতিক দলৰ ভিতৰচৰাত । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত হ'ব লগা ৪৭ টা সমষ্টিৰ অগপ আৰু বিজেপিৰ প্ৰাৰ্থীৰ যি খন তালিকা ভাইৰেল হৈছে সেই তালিকা মতে –
- ঢেকিয়াজুলি-অশোক সিংঘাল
- বৰচলা-কিশোৰ উপাধ্যায় ( বঞ্চিত বিধায়ক গণেশ লিম্বু)
- তেজপুৰ – বৃন্দাৱন গোস্বামী/দীপক শইকীয়া (বন্ধুত্বপূৰ্ণ)
- ৰঙাপাৰা-বাতাছ ওৰাং/পল্লৱ লোচন দাস/জিতেন বৰঠাকুৰ
- চতিয়া – পদ্ম হাজৰিকা
- বিশ্বনাথ-অগপ (বন্ধুত্বপূৰ্ণ)
- বিহালী-ৰঞ্জিত দত্ত
- গহপুৰ – উৎপল বৰা/হেমন্ত বিজয় নহন্ত
- ধিং-অগপ
- বটদ্ৰৱা-আঙুৰলতা ডেকা
- ৰূপহী-অগপ
- চামগুৰি-মণি মাধৱ মহন্ত(অগপ)
- কলিয়াবৰ-কেশৱ মহন্ত(অগপ)
- বোকাখাট-অতুল বৰা ( অগপ)
- সৰুপথাৰ-অগপ
- গোলাঘাট-অজন্তা নেওগ/বিতোপন শইকীয়া
- খুমটাই – মৃণাল শইকীয়া
- দেৰগাঁও-অগপ
- যোৰহাট-হিতেন গোস্বামী/শান্তনু পূজাৰী
- মাজুলি-সৰ্বানন্দ সোনোৱাল
- তিতাবৰ-কৃষ্ণমনি চুতীয়া/হেমন্ত কলিতা
- মৰিয়নী-কামাখ্যা প্ৰসাদ তাছা/অলক ঘোষ
- টিয়ক-অগপ(শ্যামকানু মহন্ত)
- আমগুৰি – অগপ (প্ৰদীপ হাজৰিকা)
- নাজিৰা-ময়ুৰ বৰগোহাঁই
- মাহমৰা-যোগেন মহন
- সোণাৰি-পৱন বেদিয়া/স্বাক্ষৰ গগৈ
- থাওৰা-কুশল দুৱৰী
- শিৱসাগৰ তপন গগৈ
- বিহপুৰীয়া-অমিয় ভূঞা/দেৱানন্দ হাজৰিকা
- নাওবৈচা- অগপ ( জয়ন্ত খাউণ্ড )
- লক্ষিমপুৰ-মানৱ ডেকা/উৎপল দত্ত (বন্দুত্বপূৰ্ণ )
- ঢকুৱাখনা-নৱ দলে
- ধেমাজি-ৰণোজ পেগু
- জোনাই-ভুৱন পেগু
- মৰাণ-সুভাষ দত্ত
- ডিব্ৰুগড়-প্ৰশান্ত ফুকন
- লাহোৱাল-ঋতুপৰ্ণ বৰুৱা
- দুলিয়াজান-তেৰছ গোৱালা/ইন্দ্ৰ গগৈ
- টিংখাং-বিমল বড়া
- নাহৰকটীয়া-বিকুল ডেকা(বন্ধুত্বপূৰ্ণ)
- চাবুৱা-বিনোদ হাজৰিকা/পোণাকন বৰুৱা ( বন্ধুত্বপূৰ্ণ)
- তিনিচুকীয়া-পুলক গোহাঁই
- ডিগবৈ-সুৰেণ ফুকন/অৰুণজ্যোতি মৰাণ
- মাৰ্ঘেৰিটা-লক্ষ্য কোঁৱৰ/ভাস্কৰ শৰ্মা
- ডুমডুমা-সঞ্জয় কিষাণ
- শদিয়া-বলীন চেতিয়া
আদিয়ে প্ৰতিদন্দিতা কৰিব । কিন্তু এয়া চৰ্চিত প্ৰাৰ্থী তালিকাহে । মোডীয়ে চীল মোহৰ মৰাৰ পিছতহে নিশ্চিত হ'ব কোনে ক'ত পালে টিকট ।