অসম

ডিমাপুৰলৈ কাম কৰিবলৈ গৈ সন্ধানহীন আলিটাঙনীৰ মুক বধিৰ যুৱক ইমামুল হুছেইন…

asomiyapratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নিজৰ লগতে পৰিয়ালৰ বাবে এমুঠি অন্ন যোগানৰ উদ্দেশ্যে, নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত আলিটাঙনী গাঁৱৰ ইমামুল হুছেইন নামৰ এজন মুক বধিৰ যুৱক এমাহ পূৰ্বে কাম বিচাৰি ডিমাপুৰলৈ গৈছিল। যুৱকজনে ডিমাপুৰৰ ৰাই বস্তি নামৰ ঠাইত কাম কৰি আছিল।

শুকুৰবাৰে সন্ধিয়াৰ পৰা যুৱকজন সন্ধানহীন হৈ আছে ।পৰিয়ালৰ লোকে ডিমাপুৰৰ বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিও এতিয়ালৈকে ইমামুলৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই। বগা বৰণৰ, প্ৰায় ৫ ফুট ৫ ইঞ্চি উচ্চতাৰ মুক বধিৰ যুৱক জনৰ কিবা সম্ভেদ পালে জুৰীয়া আৰক্ষী থানা অথবা 8822895490/ 7628024790 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহব্বান জনাইছে।