অসম

কাজিৰঙাৰ সমীপত অবৈধ শিল কুঁৱেৰীঃ পাহাৰৰ শিল খহি নিহত এজন শ্ৰমিক

asomiyapratidin

ডিজিটেল ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত পাহাৰ খনন আৰু শিল ভঙা মেচিনেৰে কিদৰে ৰাষ্ট্ৰীয় উদ্যানখনলৈ ভাবুকি মাতি আনিছে সেই বাতৰি ইতিমধ্যে প্ৰতিদিনত প্ৰকাশিত হৈছে।

শনিবাৰে অবৈধভাৱে পাহাৰ খনন কৰি থকা সময়তে কাৰ্বি আংলঙৰ সমীপৱৰ্তী কাৰ্বি আংলঙৰ অন্তৰ্গত ৰংমংৱেত এক শোকাৱহ ঘটনা সংঘটিত হয়।

জানিব  পৰা মতে, পাহাৰৰ শিল কাটি থকা অৱস্থাতেই ৰংমংৱে বন সংমণ্ডলৰ কাষতে হয় এক বৃহৎ ভূমস্খলন। এই  ভূমিস্খলনত থিতাতে এজন শ্ৰমিকৰ মৃত্যু হয়।

উল্লেখযোগ্য যে, এই ঘটনাত কেবাটাও অবৈধভাৱে শিল আৰু পাহাৰ খনন কৰি থকা মেচিন পোত যায়। কাজিৰঙাত এইদৰে শিলৰ কুঁৱেৰী আৰু অবৈধ খনন দীৰ্ঘদিন ধৰি চলি আহিছে।

এই সন্দৰ্ভত বিস্তীত প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতো বন বিভাগে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে, সেই স্থানত থকা শিল ভঙা মেচিন কেইটাৰ মালিক আছিল দীপা নোৱাৰ, বাবু হাজৰিকা, লিখন কৰ্মকাৰ।

এই ঘটনাত নিহত শ্ৰমিকজনৰ নাম ৰূপম কলিতা। সিংকাঠাৰ নামৰ গাঁৱত এই কৰুণ ঘটনা সংঘটিত হৈছিল। সেই সময়ত তাত দুটা শিল কটা মেচিন এখন এক্সিভেটৰ আৰু এখন ডাম্পাৰ আছিল।

ৰংমংৱে থানাৰ অন্তৰ্গত এই অঞ্চলটোকে ধৰি কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলত এনে শিল কুঁৱৰী আৰু এনে পাহাৰ খনন কাৰ্য চলি থকাৰ পাছতো চকু মুদা কুলিৰ ভাও ধৰি আছে আৰক্ষী তথা বন বিভাগৰ লোকে।