অসম

ৰাজনৈতিক সভাত ব্যস্ত শিক্ষক! বটদ্ৰৱাৰ বাটমাৰী মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন আত্মসাৎ, অনিয়মৰ অভিযোগ, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যি সময়ত ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ মানদণ্ড অধিক গতিশীল আৰু ত্বৰাম্বিত কৰি তোলাৰ লক্ষ্যৰে বিভাগটো স্বচ্ছ, নিকা আৰু সংস্কাৰমুখী কৰাৰ উদ্দেশ্য আগত ৰাখি গুনোৎসৱৰ দৰে কাৰ্যসূচী হাতত লৈ আমূল পৰিবৰ্তন অনাৰ চেষ্টা কৰিছে, ঠিক সেই সময়তে এচাম চৰকাৰী বেতনভোগী দুৰ্নীতিগ্ৰস্ত শিক্ষকৰ বাবেই সেয়া যেন ফুটুকাৰ ফেনত পৰিণত হৈছে। এনে এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত বাটমাৰী মোক্তাৱ বিদ্যালয়ত।

বাটমাৰী মোক্তাৱ বিদ্যালয়ৰ প্ৰধান শিক্ষক এমদাদুল ইছলামৰ বিৰুদ্ধে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ আৰু নিম্ন মানৰ পচা দাইল, চয়াবিন আদি খাদ্য সামগ্ৰী ছাত্ৰ ছাত্ৰীক খুওৱা আদি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। আনকি প্ৰধান শিক্ষকজনে চৰকাৰী নীতি-নিয়ম উলংঘা কৰি নিজৰ খেয়াল খুচি মতে, বিদ্যালয় ছুটী সময়তকৈ আগতে দিয়া, নিয়মীয়াকৈ মধ্যাহ্ন ভোজন নুখুওৱা, বিদ্যালয়ত অধ্যয়ণৰত ছাত্ৰ সকলৰ প্ৰমাণ পত্ৰৰ নামত ৩০০ পৰা ৫০০ টকা অতিৰিক্ত ধন দাবীৰ গুৰুতৰ অভিযোগ তুলিছে একাংশ অভিভাৱকে।

স্থানীয় প্ৰায় শতাধিক ৰাইজ আৰু অভিভাৱক অভিভাবিকা একগোট হৈ প্ৰধান শিক্ষক এমদাদুলৰ ইছলামৰ বিৰুদ্ধে বিভিন্ন অভিযোগ তুলি সাংবাদিকক জানিবলৈ দিয়ে যে, প্ৰধান শিক্ষক ইছলামে নিজৰ কৰ্তব্যত ফাকি দি দিনৰ দিনটো মবাইল ফোনত ব্যস্ত হৈ থাকে। আনকি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল ৯ঃ৩০ বজাত বিদ্যালয়ত উপস্থিত হয়হি আৰু প্ৰাায় ১২ঃ৪৫ বজাতে বিদ্যালয় ছুটী দিয়া বুলি উক্ত বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰী সকলে সাংবাদিকক জানিবলৈ দিয়ে।

ৰাইজৰ অভিযোগ যে, এটা ৰাজনৈতিক দলৰ নগাঁও জিলা সমিতিৰ গুৰুত্বপূৰ্ণ পদবীৰ নেতৃত্বত বহন কৰি ৰাজনৈতিক কামত ব্যস্ত থকাৰ বাবেই বিদ্যালয়ত থকা সময়তো প্ৰধান শিক্ষক ইছলামে কণ কণ শিশুক শিক্ষাৰ জ্ঞান দিয়াৰ বিপৰীতে মোবাইলতে ব্যস্ত হৈ থাকে, ৰাজনৈতিক দলৰ সভাত মঞ্চত উঠি ৰাজনৈতিক প্ৰচাৰত ব্যস্ত থাকে। দীৰ্ঘদিন ধৰি প্ৰধান শিক্ষক জনে নিজকে উঠি ৰজা বহি ৰজা হিচাপে বিদ্যালয়খনত ৰাজত্ব চলাই আহিছে, যাৰ ফলত বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ দিনক দিনে বিনষ্ট হৈ আহিছে বুলি অন্য এক স্থানীয় ৰাইজে অভিযোগ প্ৰকাশ কৰিছে।

প্ৰধান শিক্ষকজনে কণ কণ ছাত্ৰ ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলাৰ লগতে ছাত্ৰ ছাত্ৰী সকলৰ ভবিষ্যত আন্ধাৰ দিশে লৈ গৈছে বুলি একাংশ অভিভাৱকে ক্ষোভেৰে সাংবাদিকক জানিবলৈ দিয়েে। দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক ইছলামৰ বিৰুদ্ধে তদন্ত কৰি কঠোৰ শাস্তিৰ দাবীৰ লগতে শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে বাটমাৰীবাসী ৰাইজে।