অসম

নগাঁও জিলাত অবৈধ মৰানাস্ত্ৰৰে দিন দুপৰতে এজনক গুলিয়াই হত্যা..

asomiyapratidin


ডিজিটেল সংবাদ, বটদ্ৰৱা : অপৰাধীৰ ৰম্যভূমিত পৰিনত হৈছে নগাঁও জিলাৰ চৰ অঞ্চল। চুৰি, ডকাইতি, হত্যা, ধৰ্ষণৰ সমান্তৰালকৈ এই অঞ্চলসমূহত অপৰাধীৰ হাতে হাতে অবৈধ অবৈধ মৰনাস্ত্ৰ। আৰক্ষী প্ৰশাসনৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ অপৰাধীয়ে অবৈধ মৰনাস্ত্ৰৰে অবাধে সংঘটিত হৈ আহিছে এটাৰ পিছত আনটো হত্যাকাণ্ড। কিছুদিন পূৰ্বে গুলীপাৰ চৰত দুৰ্বৃত্ত‌ই এজন লোকক গুলীয়াই হত্যা কৰাৰ পিছত পুনৰ শুক্ৰবাৰে দিন দুপৰতে ১নং লাঙীয়া চৰত গুলীয়াই হত্যা কৰে নবী হুছেইন নামৰ এজন লোকক।

নবী হুছেইনৰ ভনীয়েকক বিয়া দিয়া ঘটনাক লৈ দুৰ্বৃত্তৰ সংঘাত চলি আহিছিল বুলি সন্দেহ। শুক্ৰবাৰে পুৱা নবীহুছেইনে ঘৰত কাম কৰি থকা অৱস্থাত তিনি দুৰ্বৃত্ত ক্ৰমে আনাৰুল, দিলদাৰ আৰু নাছিৰুলে নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰে বুলি পৰিয়ালে অভিযোগ কৰিছে। ঘটনাস্থলীত ডুমডুমীয়া আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।