অসম

বোকাখাতত অবৈধ মৰাণাস্ত্ৰসহ ৩ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

asomiyapratidin

ডিজিটেল সংবাদ, বোকাখাটঃ ৰাজ্যত বন্য জীৱ-জন্তু হত্যাৰে চোৰাং পন্থাৰে একাংশ অসাধু চক্ৰই চলাই আহিছে ৰমৰমীয়া বেহা। তেনে এক সময়তে শুকুৰবাৰে বোকাখাত আৰক্ষী আৰু এছ টি এফে কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ সহযোগত চলোৱা এক অভিযানত লাভ কৰে বৃহৎ সফলতা। অভিযানকাৰী দলটোৱে বোকাখাতত অভিযান চলাই ৩ জন চোৰাং চিকাৰীক অবৈধ মৰাণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, বোকাখাত আৰক্ষী আৰু এছ টি এফে অভিযান চলাই গুৱাহাটীৰ পৰা বোকাখাত অভিমুখে গৈ থকা এ এছ ০৩এইছ ৭৩৩৫ নম্বৰৰ এখন ইণ্ডিগ' বাহনৰ পৰা চোৰাং চিকাৰী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী কেইজন গোলাঘাট জিলাৰ শালিকীহাটৰ দিগন্ত বৰা, ৰবি দাস ওৰফে পুতুল আৰু বোকাখাত আগৰতলীৰ আৱিদুৰ আলি বুলি জানিব পৰা গৈছে। চোৰাং চিকাৰী কেইজনৰ পৰা আৰক্ষীয়ে এটা পইন্ট ৩০৩ ৰাইফল আৰু ১৬ জাঁই সজীৱ গুলি উদ্ধাৰ কৰে।