অসম

বাইহাটা চাৰিআলিত জব্দ অবৈধ আতচবাজী কঢ়িওৱা ৪ খনকৈ ট্ৰাক

asomiyapratidin

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ দীপাৱলীলৈ মাজত কেইমাহমান বাকী থাকোতেই ৰাজ্যত আৰম্ভ হৈছে ফটকাৰ ৰমৰমীয়া ক'লা বেহা। এই ৰমৰমীয়া বেহাৰ ট্ৰেনজিত ৰুটত পৰিণত হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি।

উত্থাপিত অভিযোগ অনুযায়ী বাইহাটা চাৰিআলিৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে ট্ৰাকে ট্ৰাকে অবৈধ আটচবাজি। এনেদৰে অবৈধভাৱে সৰবৰাহ হোৱা ৪ ট্ৰাক আতচবাজি জব্দ হয় বাইহাটা চাৰিআলিত।

বাইহাটা চাৰিআলি আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি জব্দ কৰে এই চাৰি ট্ৰাক আটচবাজি। জব্দকৃত ট্ৰাককেইখনৰ নম্বৰ হৈছে TN34-U-1465, TN;04-AF-9925, TN-34-L-7466 আৰু TN-57-R-5707।

তামিলনাডুৰ শিবকাশীৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ অবৈধভাবে সৰবৰাহৰ সময়তে বৃহৎ পৰিমাণৰ আটচবাজিখিনি জব্দ হোৱাত সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰিছে। এটি গোচৰ ৰুজু কৰি ইতিমধ্যে আৰক্ষীয়ে আতচবাজীৰ ক'লা বেহাৰ আঁৰৰ লোকসকলৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।