অসম

চিলা সেন্দুৰীঘোপাৰ বিভিন্ন ঠাইত চলি আছে অবৈধ খনন, কাণসাৰ নাই প্ৰশাসনৰঃ এজেৱাইচিপি…

asomiyapratidin

ডিজিটেল ডেস্কঃ সদৌ অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰায় দুবছৰৰ পূৰ্বৰে পৰা অব্যাহত থকা উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত চিলা সেন্দুৰীঘোপা মৌজাৰ চিলা, কাটামূৰ, চকীগেট চৰকাৰী সেউজীয়া পাহাৰসমূহৰ খনন আৰু ধ্বংসলীলা চলি থকাৰ অভিযোগ উত্থাপন কৰিছে।সভাপতি বিৰাজ কুমাৰ তালুকদাৰ তথা সাধাৰণ সম্পাদক মঃ ছায়েদুৰ ৰহমানে অভিযোগ তুলিছে, স্থানীয় দুই বিজেপি পালি নেতাই কাষত থকা ম্যাদী পট্টা দোহাই দি চৰকাৰী পাহাৰ খনন কৰি আছে।

উল্লেখযোগ্য যে, প্ৰথমে চাংসাৰীত নিৰ্মীয়মাণ অৱস্থাত থকা এইমচৰ মাটি বাবে প্ৰয়োজনীয় মাটি সংগ্ৰহৰ বাবে বনবিভাগৰ অনুমতি লৈছিল যদিও সেই কাম শেষ হোৱাৰ পিছত এতিয়া অবৈধভাৱে খনন চলাই আছে বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে আৰু বিভিন্ন দল সংগঠনে।

অভিযোগ অনুসৰি, সংবাদ মাধ্যমত এই সম্পৰ্কে ইতিমধ্যে বহু কেইটা বাতৰি পৰিৱেশন হৈছে যদিও এতিয়া সকলো আওকান কৰি দৈনিক শ শ ডাম্পাৰেৰে মাটিৰ সৰবৰাহ কৰি আছে কামৰূপৰ বিভিন্ন জিলালৈ।এই সন্দৰ্ভত ৰাইজে আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰীৰ লিখিত ভাৱে অভিযোগ উত্থাপন কৰাৰ পিছতো কাণসাৰ নিদিয়াত ক্ষোভিত হৈ পৰিছে। সদৌ অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে বিষয়টিৰ ফলত বন বিভাগো ৰাজহৰ পৰা বঞ্চিত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে।