অসম

অবৈধ ভাৱে ব্ৰহ্মপুত্ৰৰ পলস মাটি সৰবৰাহ কৰা ডাম্পাৰ জব্দ

asomiyapratidin

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ শনিবাৰে নিশা প্ৰায় ১১ বজাত উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত এটি বন বিষয়া আৰু কৰ্মচাৰীৰ দলে নৈশ তহলদাৰী কৰি অবৈধ ভাৱে ব্ৰহ্মপুত্ৰৰ পলসুৱা মাটি সৰবৰাহ কৰাৰ অপৰাধত এএছ-০১ডিচি-২১৬৭ নম্বৰৰ এখন ডাম্পাৰ আমিনগাঁও অঞ্চলৰ পৰা জব্দ কৰে।

জব্দকৃত ডাম্পাৰখনত ৬ ঘন মিটাৰ পলস মাটি বোজাই কৰি অবৈধ ভাৱে পৰিবহণ কৰিছিল আৰু কোনো বৈধ চালান তথা পৰিবহণ পত্ৰ নাছিল। অবৈধভাৱে ক্ষুদ্ৰ খনিজ সম্পদ কাঢ়িওৱাৰ অপৰাধত এ এম এম চি আৰ ২০১৩ৰ ৬৩ আৰু ৬৪ (১) ধাৰাৰ অধীনত গাড়ীখনসহ অবৈধ পলস মাটি সমূহ জব্দ কৰা হৈছে।

জব্দকৃত গাড়ীখন বৰ্তমান চিলা বনাঞ্চলিক কাৰ্যলয়ত ৰখা হয়। এই সংক্ৰান্তত চিলা বনাঞ্চলিক কাৰ্যালয়ত ২০১৮-১৯ বৰ্ষৰ এছ/৪৮ নম্বৰৰ এটা বন গোচৰ ৰুজু হৈছে।