অসম

হোজাইৰ ডবকাত আৰক্ষীৰ অভিযানত চোৰাংভাৱে গৰু-ম’হ কঢ়িওৱা দুখন ট্ৰাক জব্দ, আটক ২

asomiyapratidin

ডিজিটেল সংবাদ, ডবকাঃ ৰাজ্যত অব্যাহত আছে গৰু-ম'হৰ চোৰাং বেহা ৷ শুকুৰবাৰে পুৱা ডবকা আৰক্ষীয়ে ৩৬নং ৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই দুখন গৰু আৰু ম'হ কঢ়িওৱা ট্ৰাক জব্দ কৰে৷ জব্দ কৰা গাড়ী দুখনৰ নম্বৰ হ'ল এএছ ০১ইচি ৬০০৭ আৰু এএছ ০২বিচি ২৫০৯৷ গাড়ী দুখনৰ পৰা আৰক্ষীয়ে ১৯টা গৰু আৰু ১১টা ম'হ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, মেৰাঝাৰৰ আফতাব উদ্দিন নামৰ লোকজনে গৰু আৰু ম'হ কেইটা গাড়ীৰে মোৰাঝাৰৰ পৰা গুৱাহাটী অভিমুখে লৈ আনিছিল৷ ইফালে আৰক্ষীক দেখিয়েই গাড়ী দুখনৰ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে যদিও গাড়ীৰ ভিতৰত থকা জহুৰ উদ্দিন আৰু আজিম উদ্দিন নামৰ লোক দুজনক সোধপোছৰ বাবে ডবকা আৰক্ষীয়ে আটক কৰিছে। লগতে জব্দ কৰা গৰু কিম্বা ম'হৰ আৰু বাহন দুখনৰ কোনো উপযুক্ত নথি পত্ৰ নথকা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে চোৰাং ভাৱে কাছাৰ হৈ বাংলাদেশলৈ গৰু সৰবৰাহ কৰা বহু গৰু ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰি হোজাই জিলাত গোপনে সংঘটিত চোৰাং গৰু সৰবৰাহ চক্ৰৰ বিৰুদ্ধে অভিযান চলাই আহিছে।