অসম

ধনশিৰিত অবৈধভাৱে কয়লাৰ বেহা, দুখন কয়লা ভৰ্তি ট্ৰাক জব্দ

asomiyapratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওঁজান উপ আৰক্ষী থানাই শুকুৰবাৰে নিশা জব্দ কৰে দুখনকৈ কয়লা ভৰ্তি ট্ৰাক। টাই আহোম যুৱ পৰিষদৰ অভিযোগ মৰ্মে নাওঁজান বিলপথাৰস্থিত ৰাজ ইটা ভাটাৰ পৰা নিশা অবৈধভাৱে কয়লা সৰবৰা কৰা এএছ০৩ বিচি৬৩৮৭ আৰু এএছ০৪ এচি৮৫৪১ নম্বৰৰ দুখন ট্ৰাক জব্দ কৰি লৈ আনে চুঙাজান আৰক্ষী থানালৈ।

উল্লেখ্য যে, বিগত সময়চোৱাত ধনশিৰি মহকুমাৰ মাজেদি অবৈধভাৱে আৰু অতিৰিক্ত বোজা কঢ়িওৱা ট্ৰাক চলাচল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল বিভিন্ন সংগঠনে। উচ্চতম ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনা থকাৰ পিছতো এইদৰেই অবৈধভাৱে কয়লা সৰবৰাহ চলি আছিল। শুকুৰবাৰে নিশা জব্দ কৰা ট্ৰাক দুখনে শিৱসাগৰৰ নাগিনীমৰা পৰা ধনশিৰি মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ ইটা ভাটা সমূহলৈ কয়লা সৰবৰাহ কৰিছিল বুলি জানিব পৰা গৈছে।

ইফালে কয়লা ভৰ্তি এখন ট্ৰাকৰ চালক শিৱ কুমাৰে ট্ৰাকত অধিক কয়লাৰ বোজা কঢ়িয়াতো স্বীকাৰ কৰে। আনহাতে চালকেজনে বাহনৰ নথি পত্ৰৰ লগতে কয়লা কঢ়িওৱাৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ আৰক্ষীক প্ৰদান কৰিবলৈ ব্যৰ্থ হয়। চালকজনে কয় যে, অধিক বোজা নকঢ়িয়ালে তেওঁলোকৰ কোনো লাভ নহয় বাবে অধিক বোজা কঢ়িয়ায়। চিৰাজুল নামৰ স্থানীয় এজন লোকেই এইদৰে অবৈধভাৱে কয়লা সৰবৰাহত সহায় কৰি আহিছে আৰু চিৰাজুলৰ কথাৰ মতেই কয়লা সৰুপথাৰলৈ নিয়া হৈছিল বুলি স্বীকাৰ কৰে চালকজনে।