অসম

ঈদুল ফিতৰৰ দিনাই নিজ বিদ্যালয়ত গছপুলি ৰুই চৰ্চাত শাৰিফুল ইছলাম

asomiyapratidin

ডিজিটেল সংবাদ, মানকাচৰঃ বুধবাৰে গোটেই বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ মানুহে এমাহ ৰোজা পালন কৰাৰ পিছত সমূহীয়া ভাৱে আদায় কৰিলে ঈদুল ফিতৰৰ নামাজ। সকলো ইছলাম ধৰ্মৰ লোকে নিজ নিজ পৰিয়ালৰ লগতে নতুন নতুন পোছাক কিনি চমক সৃষ্টি কৰিবলৈ যেন অনুষ্ঠিত কৰি এখন অঘোষিত প্ৰতিযোগিতাৰ।

কিন্তু তাৰ বিপৰীতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ শিক্ষাখণ্ডৰ অন্তৰ্গত কালাপানী সমল কেন্দ্ৰৰ অধীনৰ ৩৮৭নং জাংগাল চাৰিআলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শাৰিফুল ইছলামে ব্যতিক্ৰমীভাৱে পালন কৰিলে পবিত্ৰ ঈদুল ফিতৰ। শাৰিফুল ইছলামে পালন কৰা এই ঈদুল ফিতৰক লৈ গোটেই মানকাচৰত এতিয়া চৰ্চা চলিছে।

ৰাতিপুৱাই নিজ বিদ্যালয়ত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত চাৰিটা কৈ গছ পুলি ৰুই চৰ্চাত এতিয়া প্ৰধান শিক্ষকজন। ইপিনে এই বিষয়ে প্ৰধান শিক্ষকৰ লগত যোগাযোগ কৰাত তেওঁ কয়- এয়া আমাৰ নৈতিক কৰ্তব্য, কিয়নো এতিয়া গোটেই পৃথিবীত গোলকীয় উত্তাপ বৃদ্ধি পাই আহিছে আৰু আমাৰ পৃথিৱীখন লাহে লাহে ধ্বংসৰ দিশত গতি কৰি আছে। কিন্তু ইয়াৰ বিপৰীতে আমাৰ পৃথিৱীখন জীয়াই ৰখাৰ বাবে এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস হে মাথোন।

উল্লেখ্য যে, কেইবাদিন ধৰি নিজৰ ফেচবুকত ঈদৰ দিনত গছপুলি ৰুবলৈ সকলোকে অনুৰোধ জনাইছিল এইগৰাকী প্ৰধান শিক্ষকে।