অসম

ধুনীয়া ঘৰ এটা সাজি বিয়া পতাৰ সপোন পূৰণ নহ’ল ইদুলৰ, ঘৰলৈ ঘূৰি আহিল নিথৰ দেহঃ আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড..

asomiyapratidin

ডিজিটেল সংবাদ মায়ংঃ বেংগালুৰুত ৰহস্য জনক ভাবে মৃত্যু হয় অসমৰ মৰিগাঁও জিলাৰ সাপমাৰীৰ এজন শিক্ষিত যুৱকৰ।মৃত যুৱক জনৰ নাম ইদুল আলি।কৰ্মসূত্ৰে বেংগালুৰুত বহু বছৰ ধৰি আছিল ইদুল আলি।এটা ব্যক্তিগত কোম্পানীৰ আই টি বিভাগৰ এটা ভাল পদত ভাল দৰমহা লৈ সুন্দৰকৈ জীৱন যাপন কৰি আহিছিল যুৱক জনে।হঠাৎ ঈদৰ প্ৰাক ক্ষণত ২০ জুলাইৰ নিশা ইদুলৰ পৰিয়ালে লাভ কৰে সেই দুখ জনক খবৰ টো।ফোনতে খবৰ আহিল ৩০ বছৰীয়া সুঠাম দেহৰ অধিকাৰী ইদুল আলিয়ে ভাড়া ঘৰৰ ভিতৰতে চিপজৰী লৈ আত্মহত্যা কৰিছে বুলি।কিন্তু কিয় ইদুলে আত্মহত্যাৰ পথ বাছি ল'ব লগা হ'ল সেই কথা কোনেও নাজানে।

এই ধঘটনাৰ আৰক্ষীয়ে খবৰ পোৱাৰ পিছত ভাড়া ঘৰত উপস্থিত হয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় । মৰিগাঁও জিলাৰ সাপ মাৰি গাঁৱৰ পৰা পৰিয়ালৰ দুজন লোক গৈ উপস্থিত হয় বেংগালুৰুত। ইয়াৰ পাছত মৃতদেহ ২৩ জুলাইৰ দিনা ঘৰলৈ লৈ আনি জানাজা দিয়ে যদিও পৰিয়ালৰ লোকে মানি লব খোজা নাই ইদুল আলিয়ে আত্মহত্যা কৰা বুলি।যিহেতু মৃত্যুৰ আগদিনালৈকে ফোন যোগে কথা বতৰা চলি আছিল গুৱাহাটী আৰু জাপৰিত থকা বায়েক দুজনীৰ সতে ইদুলৰ ।প্ৰতি দিনে নিজৰ স্বাস্থ্যক লৈ অতি সচেতন হৈ থকা ইদুলে নিয়মীয়া কৈ শৰীৰ চৰ্চা কৰিছিল।সেয়েহে ইদুলে আত্মহত্যাৰ পথ বাছি লোৱাৰ কোনো প্ৰশ্ন ই নুঠে বুলি পৰিয়ালে দাবী কৰিছে।

ইপিনে মৃতদেহ কবৰ দিয়াৰ পিছত কেইখনমান আলোকচিত্ৰ আহি পৰে ইদুল আলীৰ।সেই আলোকচিত্ৰ চোৱাৰ পিছত পৰিয়ালৰ লোকৰ মাজত অধিক সন্দেহ ঘনীভূত হৈ।এয়া কোনো পধ্যেই আত্মহত্যা হ'ব নোৱাৰে বুলি কব খোজে।বেংগালুৰুৰ আৰক্ষীয়ে আত্মহত্যাৰ এটা গোচৰ ৰুজু কৰিছে যদিও সঠিক তদন্ত হোৱা নাই বুলি কব খোজে পৰিয়ালৰ লোকে। মৰিগাঁও সাপমাৰীৰ ইদুল ৰ পৰিয়ালৰ দাবী, এয়া কোনোবাই পৰিকল্পিত ভাবে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ হয়তো চেষ্টা কৰিছে।কাৰণ ইদুলে কৰ্মসূত্ৰে বেংগালুৰুত আছে যদিও কোনো ধৰণৰ সমস্যাত ভূগি থকা নাছিল বুলি বায়েক দুজনীৰ পৰা জানিব পৰা যায়।যোৱা পাঁচ বছৰ ধৰি ঘৰলৈ অহা নাই যদিও ফোনত যোগাযোগ অব্যাহত আছিল ইদুলৰ ।সকলো ধৰণৰ কথা বতৰাৰ ভাগ বিতৰণ কৰিছিল জ্যেষ্ঠ ভাতৃ আৰু বায়েক দুজনীৰ লগত।মৃত্যুৰ আগদিনা লৈ কথা বতৰা চলিছিল।কিন্তু আত্মহত্যা কৰিব লগা কোনো ধৰণৰ ইংগিত পোৱা নাছিল তেওঁলোকে।

আনহাতে অসমৰে ধেমাজি জিলাৰ এজন সতীৰ্থ ইদুলৰ লগতে একেটা ভাড়া ৰূমতে থাকে বুলিও জানিব পৰা যায়।তেওঁ জনোৱা মতে আন দিনাৰ দৰে সেই দিনাও ইদুলক শুৱাপাতিতে এৰি থৈ কার্যলয়লৈ গৈছিল ধেমাজিৰ সেই কনিষ্ঠ কৰ্মচাৰী বন্ধুজন।দিনত বহু বাৰ ফোনত কথা পাতিবলৈ চেষ্টা কৰে যদিও যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাছিল।নিশা যেতিয়া ৮ মান বজাত ভাড়া ঘৰলৈ আহে,তেতিয়াও কোঠাটো ভিতৰৰ পৰা বন্ধ হৈ থকা দেখিছিল।বাহিৰৰ পৰা দুৱাৰত খটখটাই ধেমাজিৰ সহকৰ্মী জনে দুৱাৰ খোলাৰ অপেক্ষাত ৰৈ দিছিল।প্ৰথমে ভাবিছিল ইদুলে হয়তো নিশাৰ ঈশ্বৰৰ নামাজত ব্যস্ত আছে বুলি।পিছে আধা ঘন্টা ধৰি কোনো খবৰ নাছিল। লাহে লাহে সন্দেহ বৃদ্ধি হয় একেটা কোম্পানীতে কাম কৰা ধেমাজিৰ সেই সহকৰ্মী জনৰ।তাৰ পিছতেই ভাড়া ঘৰৰ মালিকক অৱগত কৰে বিষয়টো।

উপায়ন্তৰ হৈ কোঠাটোৰ পিছফালৰ এখন খিৰিকীৰে চোৱাৰ চেষ্টা কৰে ইদুলক।খিৰিকীৰে দেখে ইদুলৰ ওলমি থকা নিঠৰ দেহ।বাথৰূমৰ দুৱাৰতে ডিঙিত চিপজৰী লৈ আত্মহত্যা কৰা দৃশ্য দেখা মাত্ৰকে আতংকত চিঞৰি দিয়া বুলি কয় ধেমাজিৰ সেই সহকৰ্মী জনে।ইয়াৰ পিছতেই কোম্পানীৰ মেনেজাৰ আৰু আৰক্ষীক খবৰ কৰে।বেংগালুৰু আৰক্ষীয়ে ভাড়া ৰুমৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যায় বেংগালুৰুৰ স্থানীয় এখন চিকিৎসালয়লৈ।সেই নিশাই ১১ মান বজাত মৰিগাঁও জিলাৰ সাপমাৰীৰ ইদুলৰ পৰিয়ালক সেই দুখবৰ টো দিয়ে।তেনে এক মৰ্মান্তিক খবৰ লাভ কৰাৰ পিছতেই অমায়িক আৰু শান্ত শিষ্ট ইদুলৰ মৃত্যুৰ বাতৰিয়ে শোক স্তব্ধ কৰে পৰিয়ালৰ লোকৰ লগতে গাঁওবাসীক।

২১ জুলাইৰ সন্ধিয়া ৬ মান বজাত আকাশ মাৰ্গৰে বেংগালুৰুলৈ ৰাওনা হয় পৰিয়ালৰ দুজন লোক।তেওঁলোকে বেংগালুৰু আৰক্ষীৰ হাতৰ পৰা মৃতদেহ চমজি লয় আৰু ২৩ জুলাইৰ দিনা সাপমাৰীৰ নিজা গাঁৱত জানাজা সম্পন্ন কৰে ইদুলৰ।উল্লেখযোগ্য যে একেটা কোম্পানীতে কৰ্মৰত ধেমাজিৰ সহকৰ্মী জনে জানিবলৈ দিয়া মতে কোনো দিনে ইদুলৰ বেয়া স্বভাৱ বা আপত্তি জনক কথা বতৰ দেখা পোৱা নাছিল।দুয়ো একেলগে থাকে আৰু খোৱা বোৱাও কৰে।

তেওঁ কয়, "ছাৰ বহুত ভাল মানুহ।বহুত শান্ত আৰু অমায়িক।সদায় নিশা ৯ঃ১০ মান বজাত শুবলৈ যায় ।কিন্তু সিদিনা পুৱা ৮ বজাত বিছনাতে এৰি থৈ মই অফিচলৈ গুচি যাও আৰু ইদুল চাৰ শুয়ে থাকিল। মাত এষাৰ দিবলৈ সক্ষম নহলো।" এইদৰে প্ৰকাশ কৰে ধেমাজিৰ সহকৰ্মী জনে।কিন্তু কিয় এনেদৰে অকস্মাত আত্মহত্যাৰ পথ বাছি ললে সেয়া ৰহস্য জনক হৈ থাকিল।পৰিয়ালৰ লোকেও মানি ল'ব বিচৰা নাই ইদুলে আত্মহত্যা কৰা বুলি।

প্ৰথম অৱস্থাত ইদুলৰ কোনো ধৰণৰ আলোকচিত্ৰ পোৱা নাছিল যদিও শেহতীয়া কৈ আত্মহত্যা কৰি দুৱাৰত ওলমি থকা মৃতদেহৰ কেইখনমান আলোকচিত্ৰ আহি পোৱাৰ পিছতেই সন্দেহ আৰু উৎকণ্ঠা বৃদ্ধি হয় পৰিয়ালৰ মাজত।যিহেতু ইদুলৰ আঁঠুৰ পৰা ভৰিৰ তলৰ অংশ মজিয়াত লাগি আছিল।কাষতে এটা মোনা আৰু প্লাষ্টিকৰ এডাল ৰচীও পৰি আছিল।বেংগালুৰু আৰক্ষীয়ে ঘটনা সংক্ৰান্তত এটা গোচৰ ৰুজু কৰিছে আৰু মোবাইল ফোনটোও উদ্ধাৰ কৰিছে।কোনো ধৰণৰ চুইচাইড নোট লাভ কৰিব পৰা নাই যদিও তদন্ত কৰি আছে আৰক্ষীয়ে। সঠিক তদন্তৰ দাবী জনাইছে পৰিয়ালৰ লোকে।এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে ।

কাৰণ আত্মহত্যাৰ কোনো কাৰণ নাছিল ইদুলৰ।যদি আত্মহত্যাই কৰিছে,কিয় এনে চূড়ান্ত সিদ্ধান্ত ল'ব লগীয়া হ'ল শৰীৰ চৰ্চা কৰি ভালপোৱা যুৱক জনে তাৰো এক তদন্ত হ'ব লাগে বুলি জানিবলৈ দিয়ে পৰিয়ালে।ইদুলৰ পিতৃ মাতৃ ইহ সংসাৰত নাই যদিও জ্যেষ্ঠ ভাতৃ ভগ্নী আছে।ইদুল ঘৰ খনৰ ভিতৰতে কনিষ্ঠ আছিল।সাপমাৰীতে সপ্তম শ্ৰেণী লৈ অধ্যয়ন কৰা ইদুলে কামৰ সন্ধানত আন আন বন্ধুৰ দৰে গুচি যায় বেংগালুৰু লৈ।পৰৱৰ্তী সময়ত নিজৰ উপার্জনেৰে মেট্ৰিক,উচ্চতৰ মাধ্যমিক পাছ কৰি বেংগালুৰুতে বি. কম পঢ়িবলৈ ধৰে।ব্যক্তিগত প্রতিষ্ঠানত চাকৰিৰ সমান্তৰালকৈ অধ্যয়ন আগবঢ়াই লৈ গৈ কোম্পানীত পদোন্নতিও লাভ কৰে ইদুলে।গাঁৱত এটা ঘৰ সাজিছে।

যোৱা পাঁচ বছৰ একেৰাহে বেংগালুৰুতে থকা ইদুলে নিজৰ দৰমহাৰ টকাৰে ধুনীয়া ঘৰ এটা সাজি বিয়া পতাৰ সপোন আছিল।অৱশেষত সেই সকলো সপোন, আশাত চেঁচা পানী পৰিল।সোঁ শৰীৰে ইদুল আহিব নোৱাৰিলে, উৰা জাহাজেৰে আহিল ইদুলৰ নিথ ৰ দেহ।কান্দোনত ভাগি পৰিছে ভাতৃ ভগ্নী আত্মীয় স্বজন আৰু গাঁও বাসী।