অসম

IDOLৰ ৪৯ কোটি টকীয়া বিত্তীয় কেলেংকাৰীঃ অনুশাসনমূলক শাস্তি প্রদান আয়োগৰ প্রতিবেদন দাখিল…

asomiyapratidin

ডিজিটেল ডেস্কঃ আইডল (IDOL)ৰ ৪০ কোটি টকীয়া বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত অনুশাসনমূলক শাস্তি প্রদান আয়োগে দাখিল কৰিলে এক প্রতিবেদন। পল্লৱ ভাট্টচাৰ্যৰ এজনীয়া আয়োগে প্রতিবেদন দাখিল কৰিছে। আইডলৰ পূৰ্বৰ সঞ্চালক কন্দৰ্প দাসৰ বিৰুদ্ধে কেলেংকাৰীৰ প্ৰতিবেদন দাখিল কৰিছে আয়োগে। অহা ২০ ছেপ্টেম্বৰত এই প্ৰতিবেদনক লৈ বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদৰ বৈঠক অনুষ্ঠিত হ'ব।

উল্লেখ্য যে, ৭ জুলাইত আইডলৰ অবৈধ পাঠ্যক্ৰম কেলেংকাৰী আৰু ৪০ কোটি টকীয়া বিত্তীয় কেলেংকাৰীৰ মূল অভিযুক্ত তথা আইডলৰ পূৰ্বৰ সঞ্চালক কন্দৰ্প দাসক এই কেলেংকাৰীক লৈ কৰা হৈছিল সোধা-পোছা। ইউজিচিৰ অস্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰমেৰে শিক্ষা সমাপ্ত কৰা ৭৪ সহস্ৰাধিক শিক্ষাৰ্থীৰ ডিগ্ৰী-ডিপ্লমা অৰ্হতাহীন হৈ পৰে।তদুপৰি শিক্ষা সঁজুলি ক্ৰয়ৰ নামতো ৪০ কোটি টকাৰো অধিক কেলেংকাৰীৰ অভিযুক্ত তেওঁ।