অসম

পত্নীক নিশংসভাৱে হত্যা কৰিলে স্বামীয়ে, সংকটজনক অৱস্থাত আন ৩জনক চিকিৎসালয়ত ভৰ্তি…

asomiyapratidin

ডিজিটেল সংবাদ, বিহপুৰীয়া: লখিমপুৰৰ বঙালমৰাত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ ৰূপ।ফতেহপুৰত স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নী নাছিমা বেগমক। ইফালে, ঘাতক স্বামী জামাল উদ্দিনে শাহু-শহুৰেক আৰু জীয়েক ছাহিদা বেগমক দাৰে ঘপিয়াই গুৰুতৰভাৱে আহত কৰে।

মঙলবাৰে নিশা পৰিয়ালটো টোপনিত থকাৰ সুযোগ লৈ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি হত্যাকাৰী জামাল উদ্দিনে সংঘটিত কৰিলে এই নৃশংস হত্যাকাণ্ড। পত্নী নাছিমা বেগমক হত্যা কৰি পলাব ল‌ওঁতেই স্থানীয় ৰাইজে হত্যাকাৰী জমাল উদ্দিনক ধৰি বঙালমৰা আৰু বিহপুৰীয়া আৰক্ষীক চমজাই দিয়ে।

সম্প্ৰতি গুৰুতৰভাৱে আহত ন‌ওছেদ আলী, ছুফিয়া বেগম আৰু ছাজিদা বেগমক স্থানীয় লোকে সংকতজনক অৱস্থাত লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷