অসম

গুৱাহাটীৰ কটাহবাৰীত গাঞ্জাসহ স্বামী-স্ত্ৰীক গ্ৰেপ্তাৰ

asomiyapratidin

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীত আৰক্ষীৰ টহলদাৰী কৰ্তব্যৰ মাজতে মহানগৰীৰ কটাহবাৰীত শুকুৰবাৰে গড়চুক আৰক্ষীয়ে গাঞ্জাসহ দুই স্বামী-স্ত্ৰীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ধৃত সৰবৰাহকাৰী দম্পত্তিহাল হৈছে দেৱ পেগু আৰু দেৱশ্ৰী বসুমতাৰী পেগু। ইফালে আৰক্ষীয়ে কটাহবাৰীত সৰবৰাহকাৰী দুটাৰ পৰা ৪.৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। উল্লেখ্য যে ধৃত সৰবৰাহকাৰী স্বামী-স্ত্ৰী হালে নিজে লখিমপুৰৰ নিৱাসী বুলি আৰক্ষীক প্ৰকাশ কৰে।