অসম

বোকাজানত কৃষিভূমিত শুৰ পোকৰ উপদ্ৰৱত বিনষ্ট শ শ বিঘা কৃষিভূমি…

asomiyapratidin

ডিজিটেল সংবাদ,বোকাজান : প্ৰলয়ংকাৰী বানপানীয়ে ৰাজ্যৰ খেতি পথাৰত ব্যাপক ক্ষতি সাধন কৰাৰ পিছত এইবাৰ পাহাৰীয়া জিলা বোকাজানৰ কৃষিভূমিত শুৰ পোকৰ আক্ৰমণত দিশহাৰা হৈ পৰিছে স্থানীয় খেতিয়কসকল।বোকাজান মহকুমাৰ অন্তৰ্গত ৰাঞ্চি গাঁও, বাঘজান, মাজগাঁও, নেপেৰপট্টিকে ধৰি বহু এলেকাৰ কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতিত শুৰ পোকৰ উপদ্ৰৱৰ ফলত শস্য সম্পূৰ্ণৰূপে নষ্ট হেৱাত খেতিয়কসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে। অঞ্চলটোৰ প্ৰায় ৮০ হেক্টৰ কৃষিভূমিত শুৰ পোকে আক্ৰমণ কৰি ধান কুটি নষ্ট কৰি দিয়াত খেতিয়কসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে।

দহদিন মান পূৰ্বে অহা মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নি পানীৰ সৈতে পথাৰলৈ উটি অহা শুৰপোকৰ জাকে নিশাৰ সময়ত অধিক সক্ৰিয় হৈ বহু পৰিমাণে ধান কুটি দিয়ে বুলি এলেকাসমূহৰ ভুক্তভোগী কৃষকসকলে জানিবলৈ দিয়ে। পোকৰ পৰা ৰক্ষা পাবলৈ কৃষকসকলে গাঁঠিৰ ধন ভাঙি বজাৰৰ পৰা বিভিন্ন কীতনাশক ঔষধ ব্যৱহাৰ কৰিছে যদিও সুফল পোৱা নাই বুলিও জানিবলৈ দিয়ে।কৃষকসকলে এইক্ষেত্ৰত চৰকাৰে কৃষকসকলক কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰি দিবলৈ অনুৰোধ জনায়। ইতিমধ্যে কৃষি বিভাগৰ দুগৰাকী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে পোকসমূহ এডৰা খেতিৰ পৰা আন এডৰালৈ যাতে যাব নোৱাৰে তাৰবাবে পথাৰৰ আলি সমূহত কেৰাচিন, মালাথিয়ানডাছ, চেভেনডাছ আদি ছটিয়াবলৈ খেতিয়কসকলক পৰামৰ্শ দিয়ে।

আনহাতে জিলা কৃষি বিভাগৰ ডিফুৰ মুখ্য কাৰ্যালয়লৈ ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে কৃষিভূমিক এই শুৰ পোকৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে বিভাগৰ তৰফৰ পৰা কীতনাশক ঔষধ বিতৰণৰ ব্যৱস্থা অতি শীঘ্ৰেই কৰা হব বুলিও কৃষি বিভাগৰ বিষয়া দুজনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।