খইৰ উদ্ধাৰ
খইৰ উদ্ধাৰ  
অসম

হালধাত বৃহৎ পৰিমাণৰ খই উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, দুমুনিচকীঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত হালধাত বৃহৎ পৰিমাণৰ খইৰ উদ্ধাৰ । উত্তৰ-কামৰূপ বন সংমণ্ডলৰ ৰঙিয়া সদৰ বিটৰ অন্তৰ্গত অঞ্চলটো উদ্ধাৰ কৰা হৈছে খইখিনি ।

দেওবাৰে নিশা গাড়ীত লোড কৰিব লৈছিল উক্ত মুল্যবান খইৰ গছৰ কুন্দা সমুহ । খবৰ লাভ কৰি সাংবাদিক উপস্থিত হয় উক্ত স্থানত ।

সাংবাদকৰ্মীৰ উপস্থিতিৰ উমান পায় গছৰ কুন্দা এৰি গাড়ী লৈ পলায়ন কৰে অসাধু ব্যৱসায়ী চক্ৰই ।

ৰঙা বৰণৰ খইৰ গছৰ কুন্দাৰ মুল্য কেইবা লক্ষাধিক টকা বুলি জানিব পৰা গৈছে । অসাধু চক্ৰৰ এনে কাণ্ড দেখি হতবাক হৈছে অঞ্চলটোৰ সচেতন নাগৰিকসকল ।

নিশা খই গছৰ অবৈধ সৰবৰাহৰ বিষয়ে অৱগত হোৱাৰ পিছতো উপস্থিত নহ'ল বাইহাটা চাৰিআলি আৰক্ষী।

নিঃপালী দি শুই থাকিল বন বিভাগৰ জেষ্ঠ্য বিষয়া। মুল্যবান খইৰ গছৰ কুন্দা জব্দ কৰাৰ পৰিৱৰ্তে সুখনিদ্ৰাত উত্তৰ কামৰূপ বন-সংমণ্ডল বিষয়া।