অসম

১২ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা, পৰীক্ষা কেন্দ্ৰত থাকিব চিচি টিভি

asomiyapratidin

ডিজিটেল ডেস্কঃ মঙলবাৰৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ১৪ মাৰ্চলৈকে অনুষ্ঠিত হ'বলগা এই পৰীক্ষা মুঠ ৭৮০ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব। ইতিমধ্যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে ৰাজ্যজুৰি প্ৰস্তুতি সম্পূৰ্ণ হৈছে। কলা, বিজ্ঞান, বানিজ্যৰ লগতে বৃত্তিগত শাখাত অনুষ্ঠিত হ'বলগা পৰীক্ষা যাতে সূচাৰুৰূপে পৰিচালিত হয় তাৰ বাবে উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ পৰা যাৱতীয় নিৰ্দেশনা পৰীক্ষা কেন্দ্ৰ সমূহলৈ প্ৰেৰণ কৰিছে।

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত মুঠ ২,৪২,৮৪৩ গৰাকী ছাত্ৰ-ছাত্ৰী অৱৰ্তীৰ্ণ হ'ব। ইয়াৰে ১,৮৬,১৮৭ গৰাকী কলা শাখাত, ৩৭৪৫৫ গৰাকী বিজ্ঞান শাখাত, ১৮২৯১ গৰাকী বানিজ্য শাখাত আৰু ৯১০ গৰাকী ছাত্ৰ-ছাত্ৰী বৃত্তিগত শাখাত অৱৰ্তীৰ্ণ হ'ব। এই পৰীক্ষা সূচাৰুৰূপে চলাবলৈ ৯২৪ গৰাকী তদাৰকী বিষয়া নিয়োগ কৰিছে সাংসদে।

প্ৰতিখন জিলাতে একোজনকৈ নিৰীক্ষকো নিয়োগ কৰাৰ লগতে পৰীক্ষা কেন্দ্ৰ সমূহত চিচি টিভিৰ ব্যৱস্থা কৰা হৈছে। এই চিচি টিভি সমূহ পৰীক্ষা অন্ত পৰা ৪ দিনৰ পাছলৈকে সক্ৰিয় হৈ থাকিব লাগিব। শিক্ষা সাংসদৰ এক সূত্ৰই জানিবলৈ দিয়া মতে সূচাৰুৰূপে পক্ষীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৩৩ খন জিলাত ৩৩ গৰাকী নিৰীক্ষকে দায়িত্ব পালন কৰিব।