অসম

২০২০ টকিঅ’ অলিম্পিকঃ ‘টপছ’ আঁচনিত অসমৰ হৃদয়

asomiyapratidin

ডিজিটেল ডেস্কঃ অসমৰ অন্যতম প্ৰতিভাৱান যুৱ শ্বুটাৰ তথা অলিম্পিক পদকৰ অন্যতম সম্ভাৱনা হৃদয় হাজৰিকাক কেন্দ্ৰীয় চৰকাৰৰ টাৰ্গেট অলিম্পিক পডিয়াম স্কীম চমুকৈ টপছত অন্তৰ্ভুক্ত কৰা হৈছে। ২০২০ৰ টকিঅ' অলিম্পিকত পদকৰ সম্ভাৱনা থকা দেশৰ মুঠ ১৬গৰাকী প্ৰতিভাৱান শ্বুটাৰক শুকুৰবাৰে এই আঁচনিত সংযোজন কৰা হয়।

হৃদয় হাজৰিকাৰ লগতে এই আঁচনিত স্থান লাভ কৰা আন খেলুৱৈসকল হ'ল- মনু ভাকেৰ, সৌৰভ চৌধুৰী, মেহুলী ঘোষ, আনিছ ভানুৱালা, এলাভেনীল ভালাৰিভান, লক্ষ্য শ্বেৰণ, সঞ্জীৱ ৰাজপুত, ৰবি কুমাৰ, দীপক কুমাৰ, অপূৰ্বী চাণ্ডেলা, অঞ্জুম মুদগীল, অভিশেষ বৰ্মা, ওম প্ৰকাশ মিঠাৰৱাল, ৰোহি চৰ্ণকূট, কেনন চেনাই আৰু অংগদ বীৰ সিং।

তদুপৰি, এই ১৬গৰাকী খেলুৱৈৰ পৰা ৬গৰাকী প্ৰতিভাৱান শ্বুটাৰক ২০২৪ৰ অলিম্পিকৰ বাবেও সাজু কৰি তুলিবলৈ উন্নত আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। তাৎপৰ্যপূৰ্ণভাৱে এই ৬গৰাকীৰ ভিতৰত আছে অসমৰ হৃদয় হাজৰিকাৰ নামো। অৰ্থাৎ ২০২৪ অলিম্পিকলৈ টপছ আঁচনিত অন্তৰ্ভুক্ত হৈছে অসমৰ হৃদয়। এই নিৰ্বাচিত খেলুৱৈসকলক কেন্দ্ৰীয় চৰকাৰে প্ৰতিমাহে ৫০ হাজাৰ টকাকৈ বিত্তী প্ৰদান কৰিব।উল্লেখ্য যে, এই আঁচনিত স্থান পোৱা হৃদয় হাজৰিকা হৈছে অসমৰ তৃতীয়গৰাকী খেলুৱৈ।