অসম

দক্ষিণ কোৰিয়াত হৃদয়ৰ খেল চাবলৈ গৈছিল অভিনৱ বিন্দ্ৰা!

asomiyapratidin

ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াত অনুষ্ঠিত আই এছ এছ এফ শ্বুটিং বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰা হৃদয় হাজৰিকা নিশা ডেৰ বজাত আহি উপস্থিত হয়হি দিল্লীত। আজি পুৱা ১১বজাত পিতৃ-মাতৃৰ সৈতে অসমলৈ ৰাওনা হৈছে হৃদয়।

বিমান বন্দৰৰ পৰাই 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সৈতে হোৱা বাৰ্তালাপত হৃদয়ে দক্ষিণ কোৰিয়াত লাভ কৰা অভিজ্ঞতাৰ কথা সদৰী কৰে। বৰ সুন্দৰ অভিজ্ঞতাৰে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰি স্বৰ্ণ জয় কৰা হৃদয়ে ক'লে- 'দক্ষিণ কোৰিয়াত যথেষ্ট কথা শিকিলো। অভিনৱ বিন্দ্ৰাকো লগ পাইছিলো। তেখেতে আমাৰ খেল চাবলৈ গৈছিল। মোক তেখেতে এনেকৈয়ে খেলি যাবলৈ প্ৰেৰণা দিলে।'

ইয়াৰ পাছত নবেম্বৰত কোৱেইট চহৰত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাৰ বাবে নিজকে প্ৰস্তুত বুলি জনালে হৃদয়ে। ৭দিনৰ বাবে অসমলৈ আহিছে তেওঁ। ২০ ছেপ্টেম্বৰত হৃদয় পুনৰ ঘূৰি যাব দিল্লীলৈ। দিল্লীতেই এতিয়া হৃদয়ে নিয়মীয়া অনুশীলন অব্যাহত ৰাখিছে।