অসম

কোন জিলাৰ পৰা কিমানজনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিলে…

asomiyapratidin

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম ১০ টা স্থান লাভ কৰিলে ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। এইবাৰ লখিমপুৰৰ পৰা ৬ জন ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিবলৈ সক্ষম হয়। প্ৰথমস্থান লাভ কৰিলে লখিমপুৰ লিটিল ফ্লাৱাৰাৰ ৰক্তোৎপল শইকীয়াই। শিৱসাগৰৰ পৰা ৬জন, কামৰূপ মেট্ৰৰ পৰা ৬ জন, নগাঁৱৰ পৰা ৬ জন, বৰপেটাৰ পৰা ৬জন ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰাৰ বিপৰীতে নলবাৰীৰ পৰা ৪জন, যোৰহাটৰ পৰা ৩ জন, দৰংৰ পৰা ২ জন মৰিগাঁৱৰ পৰা ২জন, ডিব্ৰুগড়ৰ পৰা ৪ ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰিছে।

ইয়াৰ উপৰিও পশ্চিম কাৰ্বি আংলঙৰ পৰা ১ জন, কামৰূপ গ্ৰাম্যৰ পৰা ১ জন, বঙাইগাঁৱৰ পৰা ১ জন, কাছাৰৰ পৰা ১ জন, গোৱালপাৰাৰ পৰা ১ জন, মাজুলীৰ পৰা ১ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।