অসম

মহানগৰীত ৰহস্যজনকভাৱে সুন্দৰী মডেল হ’ল গুলীবিদ্ধ, আচল কাহিনী কি?

asomiyapratidin

ডিজিটেল ডেস্কঃ পোহৰলৈ আহিছে এগৰাকী ৰহস্যময়ী যুৱতী মডেলৰ এক কাহিনী। দুটা নামেৰে পৰিচিত মডেলগৰাকী গুলীবিদ্ধ হৈছিল বুধবাৰে নিশা। তাৰ পিছতে ভৰ্তি কৰা হৈছিল নেলীৰ এখন চিকিৎসালয়ত। পিছে কেইজনমান যুৱকে ভৰ্তি কৰাৰ পিছতে সংঘটিত হৈছিল এক অঘটন। চিকিৎসালয়ত উপস্থিত হৈছিল আৰক্ষী। যাৰ বাবে উক্ত ঠাইৰ পৰা যুৱকৰ দলটো অন্তৰ্ধান হৈছিল।

তাৰ পিছতে নিশা গুৱাহাটীৰ নাৰায়না ছুপাৰ স্পেচিয়েলিটি হাস্পতালত ভৰ্তি কৰা হৈছিল গুলীবিদ্ধ মডেলগৰাকীক। হাস্পতালত ভৰ্তি কৰাৰ পিছতে পোহৰলৈ আহিছিল এটাৰ পিছত আন এটা তথ্য। সকলোৰে মনত সন্দেহ উপজিছিল মডেলগৰাকীৰ নামক লৈ। এবাৰ যদি নিজকে হাস্পতালৰ প্ৰৱেশদ্বাৰত ৱাহিদা বেগম বুলি কৈছিল, ক্ষন্তেক পিছতে তেওঁ চিকিৎসকক নিজৰ নাম আন এটাহে কৈছিল। চিকিৎসকক তেওঁ নিজকে সুহানা লস্কৰ বুলি চিনাকী দিছিল।

প্ৰাপ্ত খবৰ অনুসৰি গুৱাহাটীৰ ছয়মাইলত থাকে যুৱতী-মডেলগৰাকী। ইফালে তেওঁৰ প্ৰকৃত ঘৰ শিলচৰত। নিজকে এবাৰ সুহানা আকৌ আন এবাৰ ৱাহিদা বুলি পৰিচয় দিয়া যুৱতীগৰাকী বৰ্তমান অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰী।

নিশাৰ ভাগত কেনেদৰে এই ঘটনা সংঘটিত হৈছিল তাক লৈ সকলোৰে মনত সৃষ্টি হৈছিল প্ৰশ্নৰ। শেহতীয়াকৈ পোহৰলৈ আহিছে যুৱতীগৰাকী গুলীবিদ্ধ হোৱা ঘটনাৰ প্ৰকৃত কাৰণ। ঘটনাটো সংঘটিত হৈছিল আমচৈ বাগিচাত। ব্যৱসায়ী ৰাজেশ হিম্মত্‍‍সিংকাৰ আমচৈৰ বাংলোত এই ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে এক সূত্ৰই। উল্লেখ্য যে, নিশা সুৰা পাৰ্টিৰ মাজতে এই ঘটনা সংঘটিত হোৱাৰ দাবী কৰিছে সূত্ৰটোৱে। অৱশ্যে এই সমগ্ৰ ঘটনা মানি ল'ব খোজা নাই বিতৰ্কিত ব্যৱসায়ীজনে।