হোজাই

সদৌ অসম সাংবাদিক সন্থাৰ হোজাই জিলা সমিতি গঠন : সৰ্থেবাৰীত কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিং: সদৌ অসম সাংবাদিক সন্থা চমুকৈ 'আজু'ৰ দেওবাৰে দ্বিতীয় পূৰ্ণাংগ অধিৱেশন হৈ যায়৷ আজুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পংকজ কুমাৰ নাথৰ সভাপতিত্বত দিনৰ ১১ বজাত ডবকা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ চৌহদৰ সন্মুখত থকা সুতাৰগাওঁ পঞ্চায়তৰ পেক্ষাগৃহত আয়োজিত সভাত সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ হোজাই জিলা সমিতিখন গঠন কৰা হয়৷

সভাৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আব্দুল হাকিমে৷ এই সভাত সাংগঠনিক দিশত আলোচনাৰ অন্তত সভাপতি হিচাপে আব্দুল হাকিম আৰু সাধাৰণতে সম্পাদক হিচাপে শ্বহিদুল ইছলামক নিৰ্বাচিত কৰি ৩১ জনীয়া এক শক্তিশালী কমিটি গঠন কৰা হয়৷ কেন্দ্ৰীয় সমিতিলৈ জ্যেষ্ঠ সাংবাদিক ইছমাইল আলী আৰু ছাদিকুজ জামানক নিৰ্বাচিত কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

উপদেষ্টা হিচাপে মহানন্দ বৰদলৈ, বাচিত আলম চৌধুৰী, সঞ্জীৱ শইকীয়া, সঞ্জীৱ দে, সুব্ৰত চৰকাৰক লৈ সাংগঠনিক কাম কাজ আগবঢ়াই লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ উল্লেখ যোগ্য যে, আজুৰ কেন্দ্ৰীয় উপ সভাপতি ৰাজেস দত্ত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অপূৰ্ব বৰা,ছাদিকুজ জামানে সাংগঠনিক দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে৷ লগতে ডবকাৰ জ্যেষ্ঠ সাংবাদিক ইছমাইল আলী, দিলৱাৰ হুছেইন আৰু বাবুল তালুকদাৰে হোজাই জিলাৰ সাংবাদিকতাৰ সুৰক্ষা, পৰিবেশ পৰিস্থিতিৰ ওপৰত ভাষণ প্ৰদান কৰে৷

ইপিনে সভাত আজুৰ সৰ্থেবাৰীত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অধিৱেশন সফল কৰিবলৈয়ো ৰাজ্যৰ বিভিন্ন জিলা সমুহ গতিশীল কৰাৰ বাবেও আজুয়ে কাম কৰা বুলি কেন্দ্ৰীয় সভাপতি পংকজ কুমাৰ নাথে ভাষণ প্ৰসংগত আল্লেখ কৰে৷