লামডিঙত উদ্ধাৰ ৪৯টা চুৰি মোবাইলঃ ঝাৰখণ্ডৰ দুই গভাইত চোৰক গ্ৰেপ্তাৰ...
লামডিঙত উদ্ধাৰ ৪৯টা চুৰি মোবাইলঃ ঝাৰখণ্ডৰ দুই গভাইত চোৰক গ্ৰেপ্তাৰ... 
হোজাই

লামডিঙত উদ্ধাৰ ৪৯টা চুৰি মোবাইলঃ ঝাৰখণ্ডৰ দুই গভাইত চোৰক গ্ৰেপ্তাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ লামডিংঃ ৰে'ল নগৰী লামডিঙত ওলাইছে বহি:ৰাজ্যৰ মোবাইল চোৰ ৷ ৰে'লত সঘনাই মোবাইল ফোন চোৰ হোৱা ঘটনাই অতিষ্ঠ কৰিছে আৰক্ষীক । আজি পুৱাৰ ভাগত হোজাই আৰক্ষী অধীক্ষকৰ নেতৃত্বত লামডিং আৰক্ষীয়ে এক গোপন সূত্ৰৰ আধাৰত লামডিঙত চলাইছিল অভিযান।

অভিযানত তিনিজনকৈ গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী । ঘটনা অনুসৰি যোৱা তিনিদিন ধৰি বহি:ৰাজ্যৰ ঝাৰখণ্ডৰ পৰা আহি তিনিজন যুৱকে লামডিংৰ এটা ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল ।

লামডিং আৰক্ষীৰ অভিযানত ঘৰটোৰ পৰা সুভম কুমাৰ মাহাত্ব আৰু চনুকুমাৰ নুনিয়া নামৰ দুজন যুৱকক আটক কৰাৰ লগতে এটি কিশোৰকো চোৰৰ গেঙটোৰ লগত আটক কৰে যদিও কিশোৰ হোৱা হেতুকে বৰ্তমান এৰি দিয়ে।

আনফালে আৰক্ষীয়ে গেঙটোৰ পৰা ৪৯ টাকৈ দামী মোবাইল ফোন উদ্ধাৰ কৰি জব্দ কৰে। জব্দ কৰা মোবাইল ফোন কেইটাৰ চোৰ বজাৰৰ মূল্য ডেৰ লাখ টকা হ'ব বুলি জানিব দিয়ে আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই।

বৰ্তমান এই ঘটনাৰ সন্দৰ্ভত লামডিং আৰক্ষীৰ তদন্ত অব্যাহত আছে যদিও এই ঘটনাত বহি:ৰাজ্যৰ লগতে অসমতো মোবাইল চোৰৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তোলাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ।