অসম

একে নিশাই হোজাই আৰক্ষীৰ গুলীত আহত ২ জনঃ দুয়ো পলাবলৈ বিচাৰিছিল আৰক্ষীৰ জিম্মাৰ পৰা..

asomiyapratidin

ডিজিটেল সংবাদ লামডিংঃ একে নিশাই দুটা অপৰাধীলৈ লক্ষ্য কৰি গুলী চালনা কৰিলে হোজাই আৰক্ষীয়ে। লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূমিত ধনৰ বিনিময়ত অবৈধভাৱে বিভিন্ন লোকক সংস্থাপিত কৰাৰ লগতে ভূ-মাফিয়া হিচাপে পৰিগণিত হোৱা নজৰুল শুকুৰবাৰে নিশা গুলীবিদ্ধ হয়। বিগত ১৬ নৱেম্বৰৰ পুৱা হোজাই আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা আচক কৰা নজৰুল বিগত ৩ দিন আছিল লামডিং আৰক্ষীৰ জিম্মাত।

শুকুৰবাৰে লামডিং আৰক্ষীয়ে নজৰুলক লামডিং বনাঞ্চলৰ আন আন ভূমাফিয়াৰ ঠিকনা দখুৱাবলৈ লৈ যায়। ইয়াৰ মাজতে নজৰুলে লামডিং সংৰক্ষিত বনাঞ্চলৰ নখুঁটি অঞ্চলত আৰক্ষীৰ পিষ্টল কাঢ়ি লৈ এটা ৰাউণ্ড গুলী চালনা কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে ভূ-মাফিয়া নজৰুলক লক্ষ্য কৰি গুলীচালনা কৰে নজৰুলৰ ভৰিত লাগে আৰক্ষীৰ গুলী।

আনহাতে ডবকাৰ দুধৰ্ষ বাইক চোৰ জাকিৰ হুছেইনো হোজাই আৰক্ষীৰ গুলীত আহত হয়। দীৰ্ঘদিন ধৰি ডিমাপুৰৰ অপৰাধী চক্ৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা জাকিৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ণৰ চেষ্টা কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে জাকিৰলৈ লক্ষ্য কৰি গুলী চলাবলৈ বাধ্য হয়।

একেটা নিশাই হোজাই আৰক্ষীৰ গুলীত আহত হোৱা দুই গুলীবিদ্ধ অপৰাধিক নগাওঁ ভোগেশ্বৰী ফুননী অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।