অসম

হোজাইত বিধানসভা নিৰ্বাচনক লৈ সষ্টম হোজাই আৰক্ষী…

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰ : দ্বিতীয় পৰ্য্যায়ত অনুষ্ঠিত হবলগীয়া হোজাই জিলাৰ ৩টা বিধানসভা সমষ্টিৰ নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে সষ্টম হৈছে হোজাই আৰক্ষী। হোজাই জিলাৰ তিনিটা বিধানসভা সমষ্টিত শান্তিপূৰ্ণ ভাৱে হয় ইয়াৰ বাবে হোজাই আৰক্ষীয়ে লৈছে বিশেষ পদক্ষেপ।

দেওবাৰে হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত মোৰাঝাৰ, পদুমনি, আমবাৰী, জয়নগৰ আদি অঞ্চলত মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কবিৰ সিং লিম্বু আৰু এএছ আই সূৰুজ দত্তৰ নেতৃত্বত এটা চিআৰপিএফ দলে যৌথভাবে ফুড প্ৰেট্ৰলিঙ আৰম্ভ কৰিছে। গাঁৱৰ সহজ সৰল ভোটাৰক ভয় শংকাৰ পৰা আতৰাই ভোট দান সম্পন্ন কৰে তাৰ বাবে আৰক্ষীৰ বিশেষ পদক্ষেপ হাতত লৈছে।