অসম

হোজাইত দিন দুপৰতে গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই লুটিলে ২ লাখ টকা…

asomiyapratidin

ডিজিটেল সংবাদ, হোজাইঃ সোমবাৰে আবেলি হোজাই পুৰণা বজাৰ মছজিদ ৰোডত গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তই ২ লাখ টকা লুট কৰি পলায়ন কৰাৰ ঘটনাই চাঞ্চল‍্যৰ সৃষ্টি কৰিছে। ভূঞাপট্টিৰ ৰফিক উদ্দীন নামৰ লোকজনে গান্ধী ময়দান এছ বি আই বেংকৰ পৰা মুঠ ২ লাখ পাঁচ হাজাৰ টকা উলিয়াই পাঁচ হাজাৰ টকা লগত ৰাখি বাকী টকা নিজৰ এএছ-০২-কে-৯৩০৫ নম্বৰৰ এল্ট' গাড়ীত থৈ কৰবালৈ বুলি ওলাই যোৱাৰ সময়তে দুৰ্বৃত্তই গাড়ীৰ পিছফালৰ আইনা ভাঙি গাড়ীৰ ভিতৰৰ পৰা কাপোৰেৰে মেৰিয়াই থোৱা দুই লাখ টকা লুট কৰি পলায়ন কৰে।

পৰৱৰ্তী সময়ত লোকজন আহি পোৱাৰ পিছত গাড়ীৰ আইনা ভঙা আৰু টকা দেখা নাপাই হতভম্ব হৈ আৰক্ষীক অৱগত কৰে। সেইমতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও ধন লুটৰ লগত জড়িত দুৰ্বৃত্তৰ বৰ্তমানলৈকে কোনো শুংসূত্র লাভ কৰিব পৰা নাই।