অসম

হোজাইত বন্যহস্তীৰ উপদ্ৰৱ! সঘনাই বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত… VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে বন্যহস্তী আৰু মানুহৰ সংঘাত। হোজাইত মঙলবাৰে এটা বৃহৎ বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহে জনাঞ্চললৈ। আৰু নষ্ট কৰে বহু কৃষিভূমি।উল্লেখ্য যে, সোমবাৰেও বন্যহস্তীৰ জাকে ধ্বংস কৰিছিল গাঁওখনৰেই বহু কৃষিভূমি আৰু কেবাটাও বাসগৃহ।

জানিব পৰা মতে, সোমবাৰে বন্যহস্তীৰ গচকত প্ৰাণ হেৰুৱাইছিল এগৰাকী ৭৫ বছৰীয়া বৃদ্ধই। বন্যহস্তীৰ জোকটো মঙলবাৰেও জনাঞ্চললৈ ওলাই অহাত স্থানীয় ৰাইজে খবৰ দিয়ে বন বিভাগৰ লোকক। উক্ত স্থানত উপস্থিত হৈ বন বিভাগৰ লোকে খেদি পঠিয়াই বন্যহস্তীৰ জাকটোক। বৰ্তমান বন্যহস্তীয়ে সঘনাই জনাঞ্চললৈ ওলাই অহাৰ ফলত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ।