অসম

হোজাইত ১৭ ছেপ্টেম্বৰত কোভিড-১৯ৰ টীকাকৰণ অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰঃ সমগ্ৰ অসমৰ লগতে অহা ১৭ ছেপ্টেম্বৰ,২০২১ তাৰিখে হোজাই জিলাতো কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদানৰ এক ব্যাপক অভিযান হাতত লোৱা হৈছে। এই সন্দৰ্ভত মঙলবাৰে হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত উপায়ুক্ত অনুপম চৌধুৰীৰ সভাপতিত্বত হোজাই জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া, কর্মচাৰীৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত কোভিড-১৯ প্ৰতিষেধক প্ৰদান অভিযান প্ৰক্ৰিয়াটো সুপৰিকল্পিতভাবে পৰিচালনা কৰি অভিযানটো অধিক তীব্রতৰ কৰি তোলাৰ এক ফলপ্ৰসু পৰিকল্পনা গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, এই অভিযানৰ জৰিয়তে জিলাখনত ২৫ হাজাৰৰো অধিক ব্যক্তিক টীকাকৰণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই লক্ষ্যক সাফল্যমণ্ডিত কৰি তুলিবলৈ সংশ্লিষ্ট সকলো বিষয়াই সমন্বয়ৰে কাম কৰিবলৈ উপায়ুক্তই আহ্বান জনাইছে । আজিৰ এই আলোচনাচক্ৰত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্য, অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক প্ৰমুখ্যে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল ।