অসম

হোজাই জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ভোটাৰৰ মাজত সজাগতা উপলক্ষে আধুনিক নৃত্য আৰু বাটৰ নাট প্ৰদৰ্শন…

asomiyapratidin

ডিজিটেল সংবাদ, মোৰাঝাৰঃ ভোটাৰ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা উদ্দ্যেশ্যৰে হোজাই জিলা প্ৰশাসনে বিভিন্ন ধৰণৰ অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে হোজাই উপায়ুক্ত অনুপম চৌধুৰীৰ নিৰ্দেশ মৰ্মে জিলাখনৰ তিনিটা সমষ্টি ক্ৰমে – ৯০ নং যমুনামুখ বিধানসভা সমষ্টি, ৯১ নং হোজাই সমষ্টি আৰু ৯২ নং লামডিং সমষ্টিৰ ভোটাৰ ৰাইজৰ মাজত সজাগতা অনাৰ উদ্যেশ্যে গীত, মাত আৰু বাটৰ নাটেৰে এই প্ৰয়াস অব্যাহত ৰাখিছে ৷

এই বাটৰ নাট, পথ সভা আদিৰ তদাৰক কৰিছে নিৰ্বাচনী বিষয়া জাংমিৰ ৰংফাৰ্ফিয়ে ৷ জিলা নিৰ্বাচনী বিষয়াৰ উদ্যোগত প্ৰশাসনে জিলাখনৰ বিভিন্ন স্থানত বাটৰ নাট, সজাগতা সভা আদি অনুষ্ঠিত কৰি ভোটাৰ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ জৰিয়তে ৰাইজক নিৰ্ধাৰিত সময়ত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, কিধৰে স্থানান্তৰ কৰা আদি বিষয়বোৰ বাটৰ নাটৰ জৰিয়তে ৰাইজক উপস্থাপন কৰিছে ৷

বুধবাৰে দুপৰীয়া যমুনামুখ সমষ্টিৰ ডবকা চহৰৰ লগতে নীলবাগান তিনি আলিত এদল শিল্পিয়ে গীত মাত আৰু বাটৰ নাট পৰিৱেশন কৰে ৷ ইয়াৰ পাছত হোজাই চহৰৰ এলআইচিৰ সমীপত আৰু নতুন বজাৰ পাঁচ আলিত নৃত্য আৰু বাটৰ নাট পৰিৱেশন কৰে । দলটিয়ে পিছত লামডিং সমষ্টিৰ জোৰাপুখুৰী আৰু কাকীত অনুৰূপ অনুষ্ঠান প্ৰদৰ্শন কৰে৷