অসম

কয়াকুছিৰ কুৰিহাত অসামাজিক কামৰ বিৰুদ্ধে সজাগতা সভা…

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ কয়াকুছি বজাৰৰ সমীপৱৰ্তী কুৰিহাত সমাজত প্ৰচলিত বাল্যবিবাহ , মদ , জুৱা ,ভাং ,লটাৰীখেল ,তীৰ খেল আৰু অসামাজিক কাম-কাজৰ বিৰুদ্ধে শুকুৰবাৰে বিয়লি ভাগত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় ।

সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছি আৰক্ষী চকীৰ এলেকাধীন কুৰিহাত দীৰ্ঘদিনে চলি থকা উপৰোক্ত বিষয়সমূহ নিৰ্মূলৰ বাবে পূৱ কুৰিহা আৰু কয়াকুছি কুৰিহা গাঁওৰক্ষী বাহিনীৰ যৌথ উদ্যোগত আয়োজিত সভাখনত সমলব্যক্তি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে কুৰিহাৰ যুৱ সমাজকৰ্মী দেৱান নছিম উদ্দিন, কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্তবিষয়া উৎপল বৰা, সহকাৰী আৰক্ষী বিষয়া আব্দুল কায়েম আৰু কয়াকুছিৰ সমন্বয় সাহিত্য গেষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদে ।

ভাষণ প্ৰসংগত সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদে কয় যে – যিকোনো ব্যক্তিয়ে চাৰিটামান 'মা' শব্দৰ লগত জড়িত হ'লেই কেতিয়াও সমাজত দুৰ্নীতিয়ে বাহ ল'ব নোৱাৰে । নিজৰ নিজৰ 'মা'ৰ দৰে মাতৃ জাতিৰ প্ৰতি সুনজৰ দিয়া , মনত সদায় মানৱতা জাগৃত কৰি ৰখা , মাতৃভাষাক ভালপোৱাৰ সমান্তৰালকৈ মাতৃভূমিক সকলোৱে ভাল পাবলৈ শিকিলেই তেওঁলোকে কেতিয়াও বেয়া কাম কৰিব নোৱাৰিব । সমাজৰ উৰ্ধমূখী পৰিবৰ্তন কৰিব লাগিলে নিজৰ-নিজৰ মা-দেউতা আৰু সমাজবাসী , প্ৰশাসন আৰু সংবাদ মাধ্যমৰ সচেতনতাৰ সৈতে তিনিওটা পক্ষই সমিলমিলেৰে কাম কৰিব লাগিব ।

আনহাতে আৰক্ষী বিষয়া উৎপল বৰাই কয় যে আমি সকলোৱেই প্ৰতিজনৰে মন আৰু মানসিকতাৰ পৰিবৰ্তন কৰিব লাগিব । নিজে নিজে ভাল নহ'লে কেনোপক্ষই জোৰ-জুলুম কৰি ভাল কৰিব পৰা নাযাব কিন্তু সাময়িক বাবে দমন কৰিব পৰাহে যাব । পূৱ কুৰিহা গাঁওৰক্ষী বাহিনীৰ সভাপতি ৱাজেদ আলী শিকদাৰে পৌৰহিত্য কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে কয়াকুছি কুৰিহা গাঁওৰক্ষী বাহিনীৰ সম্পাদক মোজাম্মেল হোছেইন প্ৰমাণিকে । বিয়লি ভাগত অনুষ্ঠিত সভাত কেবা শতাধিক সচেতন ৰাইজে অংশগ্ৰহণ কৰে ।