অসম

এটা অজুহাত পালে মই গুচি যাব পাৰোঃ ‘হীৰুদা’ যোৱা ৮ বছৰে হ’ল…

asomiyapratidin

ডিজিটেল ডেস্কঃ সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য। যাৰ কবিতাত সমাজ জীৱনৰ বিভিন্ন দিশৰ লগতে প্ৰকাশ পাইছিল স্বদেশ আৰু প্ৰকৃতিৰ জয়গান। স্বকীয় কাব্যশৈলীৰে অগণন পাঠকক মোহাচ্ছন্ন কৰা 'হীৰুদা'ৰ আজি মৃত্যু বাৰ্ষিকী।

হীৰেন ভট্টাচাৰ্যৰ দ্বাৰা ৰচিত মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি আৰু বঙালী ভাষাত ২ খনকৈ কবিতা পুথি প্ৰকাশ পাইছে। ইয়াৰ উপৰিও অসমৰ বিভিন্ন কাকত আলোচনীৰ পাতত তেখেতৰ বহুতো কবিতা প্ৰকাশ পাইছে। তেখেতে ১৯৯২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেখেতক সুগন্ধি পখিলাৰ কবি আৰু প্ৰেম আৰু ৰ'দালিৰ কবি বুলিও অসমীয়া সাহিত্য জগতত নামাংকন কৰা হৈছে।

হীৰুদাৰ জন্ম হয় ১৯৩২ চনত অসমৰ যোৰহাটত। পিতৃ স্বৰ্গীয় তীৰ্থনাথ ভট্টাচাৰ্য আৰু মাতৃ স্বৰ্গীয়া স্নেহলতা ভট্টাচাৰ্য। তেখেতৰ পিতৃ এজন জেইলাৰ আছিল। পৰিয়ালৰ সৈতে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিব লগা হোৱাত তেওঁৰ শিক্ষাজীৱন ডিব্ৰুগড়ৰপৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো চহৰত অতিবাহিত হৈছিল।

ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলত হীৰেন ভট্টাচাৰ্যৰ পঢ়াশলীয়া জীৱন আৰম্ভ হয়। পিছে তাত শিক্ষা শেষ নৌহওঁতেই দেউতাক পুনৰ বদলি হয় তেজপুৰলৈ। সেয়েহে তেওঁ শিক্ষা শেষ হয় তেজপুৰত। অকল তেজপুৰেই নহয়, মঙলদৈ, গোলাঘাট, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন ঠাইত তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। ১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰপৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পাছত বি. বৰুৱা কলেজত নামভৰ্তি কৰে।

ল'ৰালিৰ কালছোৱাত হীৰেন ভট্টাচাৰ্যৰ এটা প্ৰিয় কাম আছিল শাক-পাচলি ৰোৱা আৰু ফুলৰ খেতি কৰা। দেউতাক জেইলাৰ হোৱাৰ বাবে তেওঁ জেলৰ ভিতৰত প্ৰিয় কামখিনি কৰি থাকিবলৈ সুবিধা পাইছিল। কিন্তু পঢ়া-শুনা, ঘৰুৱা কাম-কাজ আদি কৰাৰ পাছতো তেওঁ বেছিভাগ সময় আনমনা, অস্থিৰ আৰু কেতিয়াবা বিমৰ্ষ আছিল। বন্ধুহঁতে হৈ-হাল্লা কৰি উৎফুল্ল হৈ থকা সময়ত তেওঁ দূৰণিৰপৰাই সেই দৃশ্য চাই থাকে নাইবা ঘৰৰ এচুকত চকী এখনত মনে মনে বহি থাকে।

হীৰুদাৰ বিষয়ে প্ৰসিদ্ধ সমালোচক হীৰেন গোহাঁইয়ে কৈছে যে, "তেওঁৰ প্ৰথম পৰ্যায়ৰ কবিতাত থকা সংকল্প আৰু সপোনৰ অননুকৰণীয় উজ্জীৱিত মিলন পৰৱৰ্তী পৰ্যায়বোৰত লীন হৈছিল এক বিস্তীৰ্ণ দুখবোধ আৰু সামাজিক ব্যৰ্থতাৰ স্থিতধী কাৰুণ্যত। কিন্তু তেওঁ নিশ্চিত আছিল যে স্বদেশৰ মানুহ আৰু মাতৃভাষাৰ পথাৰত থিয় হৈ থকা তেওঁৰ কবিতা নিমাত হৈ নাযায়, অনাগত দিনৰ মানুহকো সি সৃষ্টিৰ, আশাৰ, আস্থাৰ আকাশ দেখুৱাই থাকিব।

বহু কম বয়সৰ পৰা কবিতা লিখিবলৈ আৰম্ভ কৰা হীৰেন ভট্টাচাৰ্যৰ প্ৰথম কবিতা প্ৰকাশ হয় ১৯৫৭ চনত। ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন মোৰ দেশ মোৰ প্ৰেমৰ কবিতা প্ৰকাশ হয়। ইয়াৰ পিছত বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ'দ (১৯৭৬) আৰু তোমাৰ গান (১৯৭২) সংকলনকেইখন প্ৰকাশ পায়। কবিৰ সুগন্ধি পখিলা (নিৰ্বাচিত কবিতা সংকলন ১৯৮১) আৰু শইচৰ পথাৰ মানুহ (সংগ্ৰহীত কবিতা ১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি তেওঁৰ কবিতাৰ আটাইতকৈ উজ্জ্বল দিশ।

ভট্টাচাৰ্যৰ সৰু সৰু কবিতা কিছুমানৰ মাজত থকা এটা সুৰ এটা লয়ৰ কাৰণে পাঠকৰ মনৰ মাজত গভীৰ সাঁচ বহুৱায়। প্ৰকৃতি আৰু মানুহ তেওঁৰ কবিতাৰ প্ৰধান বিষয়বস্তু। ইয়াৰ বাহিৰেও তেওঁ সৰু সৰু ল'ৰা-ছোৱালীৰ কাৰণে ১৯৯১ চনত ল'ৰা ধেমালি আৰু অকণ ধেমালি প্ৰকাশ কৰে। 'চিত্ৰবন', 'মনন' আৰু 'আন্তৰিক' নামে তিনিখন আলোচনীত তেওঁ সম্পাদনা কৰিছিল। তেখেতৰ একমাত্ৰ গীতৰ সংকলন হল তোমাৰ গান।

হীৰুদাৰ মৃত্যুবাৰ্ষিকীৰ দিনটোত আজি সমগ্ৰ ৰাজ্যই স্মৰণ কৰিছে তেওঁক। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হীৰুদাক স্মৰণ কৰি লিখিছে- হীৰুদাৰ প্ৰাণপৰশা কবিতাত সমাজ জীৱনৰ বিভিন্ন দিশৰ লগতে প্ৰকাশ পাইছিল স্বদেশ আৰু প্ৰকৃতিৰ জয়গান। তেখেতৰ স্বকীয় কাব্যশৈলী আৰু গীতবোৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁৰালটোক চহকী কৰাই নহয়, নতুন প্ৰজন্মক দেখুৱাই থৈ গৈছে সৃষ্টিশীলতাৰ বাট। হীৰুদাৰ অতুলনীয় সৃষ্টিৰাজি সুগন্ধি পখিলাৰ দৰে আমাৰ মাজত সদায়েই সজীৱ হৈ ৰ'ব।