অসম

এপল’ হাস্পতালত চিকিৎসাধীন হিৰণ্য কুমাৰ ভট্টাচাৰ্য…

asomiyapratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ এপল' হাস্পতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট চিন্তাশীল লেখক, সাহিত্যিক, প্ৰাক্তন আৰক্ষী বিষয়া হিৰণ্য কুমাৰ ভট্টাচাৰ্য। ঐতিহাসিক বিদেশী বহিষ্কাৰ আন্দোলনত সমাজ সচেতকৰ ৰূপত অৱতীৰ্ণ হোৱা বিশিষ্ট ব্যক্তিগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে বিভিন্নজনে।

উল্লেখ্য যে, বিদেশী বহিষ্কাৰ আন্দোলনত জড়িত হৈ হিৰণ্য কুমাৰ ভট্টাচাৰ্যই শীৰ্ষ আৰক্ষী বিষয়াৰ চাকৰি হেৰুওৱাৰ লগতে কাৰাবাসো খাটিবলগীয়া হৈছিল। সোমবাৰে 'সহযোগ অসম' নামৰ সংস্থাটোৰ বিষয়ববীয়া সকলে তেখেতক সাক্ষাৎ কৰি স্বাস্থ্যৰ খবৰ লয়।

জন্মলগ্নৰে পৰা বিভিন্ন সামাজিক কামৰ সৈতে জড়িত থকা ভট্টাচাৰ্য সোনকালে সুস্থ হৈ উঠিব বুলি সকলোৱে আশা কৰিছে। 'সহযোগ অসম'ৰ হৈ মুখ্য উপদেষ্টা বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সমালোচক গোৱিন্দ প্ৰসাদ শৰ্মাৰ নেতৃত্বত এটা প্ৰতিনিধি দলে তেওঁৰ স্বাস্থ্যৰ বুজ লয়। তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠাৰ বাবে চৰকাৰৰ লগতে সুহৃদজনৰ সহায়ৰ কামনা কৰিছে।