অসম

আমচৈ চাহ বাগিচাত ন’ এন্ট্ৰি হিম্মৎসিংকাৰ, ক্ষুব্ধ লোকে গেটত ওলমালে তলা, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ৰহাঃ বিতৰ্কিত ব্যৱসায়ী ৰাজেশ হিম্মৎসিংকাৰ আন এক বিপদ। আমচৈ বাগিচাৰ হিম্মৎসিংকাৰৰ বাংলোৰ মূল প্ৰবেশদ্বাৰত ক্ষুব্ধ চাহ শ্ৰমিকে লগালে তলা। হিম্মৎসিংকাৰক নিষিদ্ধ কৰিলে বাগিচাত প্ৰবেশৰ।

হিম্মৎসিংকাৰৰ অপকৰ্মত অতিষ্ঠ হৈ পৰিছে চাহ শ্ৰমিক। বাগিচাৰ পৰিবেশ বিনষ্ট কৰাৰ অভিযোগ চাহ শ্ৰমিকৰ। বাগিচাৰ স্বত্ব বৰ্তমান হিম্মৎসিংকাৰৰ হাতত নাই যদিও অবৈধভাৱে দখল কৰি আছে বাগিচাৰ বাংলো আৰু চলাই আহিছে অনৈতিক কাৰ্য।

যোৱা ৩ জুলাইৰ নিশাও যুৱতীক লৈ বাংলোত পাৰ্টীত মগ্ন হৈ থাকোতেই ৰহস্যজনকভাৱে এগৰাকী যুৱতী গুলিবিদ্ধ হৈছিল আৰু আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল হিম্মৎসিংকা। যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে শ্ৰমিকসকলো। ক্ষুব্ধ শ্ৰমিকসকলে বৃহস্পতিবাৰে ওলাই আহি হিম্মৎসিংকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে আৰু বাগানৰ বাংলোৰ মূল প্ৰবেশদ্বাৰত তলা মাৰি বাগানত হিম্মৎসিংকাৰৰ প্ৰবেশ নিষিদ্ধ কৰে।

কোনো কাৰণতে হিম্মৎসিংকাৰক বাগিচাত প্ৰবেশ কৰিবলৈ নিদিয়াৰ হুংকাৰ শ্ৰমিকৰ। লগতে হিম্মৎসিংকাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'বলৈও প্ৰশাসনক দাবী জনাইছে শ্ৰমিকসকলে। এই সম্পৰ্কত নগাওঁ জিলা উপায়ুক্তকো স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা লৈছে। পূৰ্বেও ৰাজেশ হিম্মৎসিংকাৰে বাগানৰ বাংলোত নাৰীজনিত অনৈতিক কাৰ্য সংঘটিত কৰি বাগানৰ পৰিবেশ বিনষ্ট কৰাৰ লগতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল।

বৰ্তমান বাগানৰ স্বত্ব হিম্মৎসিংকাৰৰ হাতত নাই। কিন্তু বাগানৰ বাংলোতে থাকি অনৈতিক কাৰ্য অব্যহত ৰাখি বাগানৰ পৰিবেশ বিনষ্ট কৰাৰ লগতে বাগিচাখনলৈ বদনাম অনা বুলি অভিযোগ কৰিছে শ্ৰমিকসকলে। যাৰবাবে আমচৈ চাহ বাগিচাত হিম্মৎসিংকাৰৰ প্ৰবেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ'ল শ্ৰমিকসকল।