অসম

জাতীয়তাবাদী নেতা হিমাদ্ৰী কুমাৰ শৰ্মাৰ দেহাৱসান…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ উপদেষ্টা, জাতীয়তাবাদী শিবিৰৰ এগৰাকী বলিষ্ঠ আপোচ বিহীন নেতা হিমাদ্ৰী কুমাৰ শৰ্মা (৩৮) ইহ সংসাৰত আৰু নাই। দেওবাৰে নিশা ব্ৰেইন ষ্ট্ৰক হৈ গুৱাহাটী জি এন আৰ চি চিকিৎসাধীন হৈ থকা এই যুৱ নেতাজনৰ সোমবাৰে নিশা প্ৰায় ১০.৪০ বজাত মৃত্যু হয়। দীৰ্ঘদিন ধৰি যুৱ ছাত্ৰ পৰিষদৰ বিভিন্ন পদ অলংকৃত কৰা হিমাদ্ৰী কুমাৰ শৰ্মাৰ ঘৰ মঙলদৈ চহৰৰ ৭ নং ৱাৰ্ডৰ টেঙাবাৰীত।

অবিবাহিত যুৱ নেতা জনৰ মৃত্যুত বিধায়ক গুৰুজ্যোতি দাস, মঙলদৈ লোকসভা সমষ্টিৰ বিজেপি আৰু মিত্ৰজোটৰ প্ৰাৰ্থী দিলীপ শইকীয়া, ক্ৰীড়া সংগঠক প্ৰতাপ বৰদলৈ, বিজেপিৰ দৰং জিলা সমিতিৰ সভানেত্ৰী নিলীমা দেৱী, মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰেমদা ভূঞা, চপাই সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিগন্ত কুমাৰ ডেকা, সম্পাদক পংকজ ডেকা, উপদেষ্টা ভবেশ কাকতি, ৰাজ্যিক বিষয়ববীয়া চন্দন শইকীয়া, দৰং জিলা ক্ৰীড়া সাংবাদিক সংস্থাৰ সভাপতি আব্দুল খালেক, সম্পাদক গণেশ দত্ত, মঙলদৈ অৰুণোদয় সংঘ, চপাই যুৱ কল্যাণ কেন্দ্ৰ, নৱ জাগৰণ সংঘ আদিয়ে গভীৰ শোক প্রকাশ কৰিছে।