অসম

বাক্সাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল বাইক ৰেলীত অংশগ্ৰহণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দেওবাৰে বাক্সাত এক বিশাল বাইক ৰেলীত অংশ লয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ লগতে এই বাইক ৰেলীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু বিজেপিৰ সাধাৰণ সম্পাদক দীলিপ শইকীয়া। বৰ্ণাডিৰ পৰা তামুলপুৰ হৈ কুমাৰীকাটালৈ এই বাইক ৰেলী উলিওৱা হয়।

আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে এনেদৰেই তৎপৰ হৈ পৰিছে আন ৰাজনৈতিক দলসমূহৰ লগতে বিজেপি। উল্লেখ্য যে, প্রথম পৰ্যায়ত ৭ ডিচেম্বৰত ওদালগুৰি আৰু বাক্সা জিলাত ভোটগ্ৰহণ আৰম্ভ হ'ব। তাৰপাছত দ্বিতীয় পৰ্যায় অৰ্থাৎ ১০ ডিচেম্বৰত কোকৰাঝাৰ আৰু চিৰাঙত পুৱা ৭.৩০ বজাৰ পৰা আৱেলি ৪.৩০ বজালৈ ভোটগণনা কৰা হ'ব।