অসম

ৰঞ্জিত দাসে ভুল কাম কৰিছেঃ হিমন্ত বিশ্ব শৰ্মা

asomiyapratidin

ডিজিটেল ডেস্কঃ বুধবাৰৰ সংবাদমেলৰ মাজতে সংবাদিকৰ এটা প্ৰশ্নত কিছু খং উঠিল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমেলৰ এগৰাকী সাংবাদিকে স্বাস্থ্যমন্ত্ৰীগৰাকীক সুধিছিল যে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে স্বাৱ পৰীক্ষা দিয়েই সংবাদমেলত বহাটো কিমান যুক্তিসংগত! এই প্ৰশ্নক ৰাজনৈতিক প্ৰশ্নৰ আখ্যা দি হিমন্ত বিশ্বই শৰ্মাই উত্তৰ দিয়ে যে, এই সংবাদমেলত এনে প্ৰশ্ন কৰাটো বেয়া কথা। কিন্তু তথা্পিও তেওঁ যদি এনে কাম কৰিছে, সেয়া ভুল কাম কৰিছে।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, স্বাৱ দি জন সমাগমলৈ যোৱাটো উচিত নহয়। সেয়া লাগিলে ৰঞ্জিত দাস বা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, তেনে কাম কৰাটো ভুল। কিন্তু এই সময়খিনিত তেনেবোৰ কথাতকৈ গুৱাহাটীখনক কেনেদৰে বচাব পাৰো সেই কথাতহে অধিক গুৰুত্ব দিব লাগে। উল্লেখ্য যে, স্বাৱ পৰীক্ষাৰ বাবে দিয়েই দিছপুৰত সংবাদমেলত বহিছিল ৰঞ্জিত দাস। স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অমান্য কৰি ৰঞ্জিত দাসে সংবাদমেল সম্বোধন কৰিছিল বুলি চৰ্চা হৈছে। অৱশ্যে সংবাদমেলতে ৰঞ্জিত দাসৰ কোৰোনা পৰীক্ষা নিগেটিভ অহা বুলি সদৰি কৰে এগৰাকী স্বাস্থ্য বিষয়াই।