অসম

তেজপুৰত মনোনয়ন দিবলৈ গ’ল হিমন্ত বিশ্ব! তাৰপাছত কি ক’লে…

asomiyapratidin

ডিজিটেল ডেস্কঃ তেজপুৰ সমষ্টিত সোমবাৰে মনোনয়ন দিব গৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অৱশ্যে পূৰ্বৰ পৰিকল্পনাৰ সলনি বেলেগৰ হৈয়ে মনোনয়ন দিয়াত সংগ দিব লগা হ'ল মন্ত্ৰীজনে। হ'লেও নিজৰে এজন ঘনিষ্ঠক দিছে টিকট। সেই সান্তনা লৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পল্লৱ লোচনক সংগ দিলে সোমবাৰে।

নিজেই প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবি থকা আসনখনত আন এজনক এৰি দিবলগীয়া হোৱাত ভিতৰি প্ৰথমে যথেষ্ট অশ্বস্তিত পৰিছিল মন্ত্ৰীগৰাকী। সোমবাৰে সেই অশ্বস্তি লুকাই ৰাখি মন্ত্ৰী হিমন্ত বিশ্বই ক'লে- তেজপুৰত আমাৰ জয় নিশ্চিত। লখিমপুৰ আৰু যোৰহাটতো বিজেপিয়ে জয়লাভ কৰিব বুলি দাবী কৰিলে হিমন্ত বিশ্বই।

তেওঁ ক'লে- 'তেজপুৰৰ আসনখন হ'ব আমাৰ বাবে ক্লিনশ্বীট।' ইফালে, এ আই ইউ ডি এফৰ লগতে কংগ্ৰেছৰ সম্পৰ্কক তেওঁ সুক্ষ্মভাৱে লক্ষ্য কৰা বুলিও তেওঁ মন্তব্য কৰে। কলিয়াবৰ আসন সন্দৰ্ভত কোনো মন্তব্য নকৰিলে হিমন্ত বিশ্বই।