অসম

আমি অসমত পৰিবৰ্তন আনিব লাগিব, ২০২৩ৰ ১০ মে’ৰ পূৰ্বে সকলো পুৰণি ফাইলৰ কাম শেষ কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ শৰ্মা…

asomiyapratidin
  • শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মিছন সদ্ভাৱনাৰ কাৰ্যসূচী।
  • দ্বিতীয়বাৰৰ বাবে প্রশাসনিক বিষয়াৰে মত বিনিময় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
  • বিগত ২৫ জানুৱাৰীতো মিছন সদ্ভাৱনাৰ শুভাৰম্ভণি হিচাপে কৰিছিল মত বিনিময়।
  • অহা ১ ফেব্রুৱাৰীৰ অসমত আৰম্ভ হ'ব সদ্ভাৱনা প্রকল্প।
  • চৰকাৰী বিষয়া-কৰ্মচাৰীক অধিক দায়িত্বশীল হ'বলৈ আহ্বান মুখ্যমন্ত্রীৰ।
  • মিছন সদ্ভাৱনাৰ কাৰ্যসূচীত মুখ্যমন্ত্রীৰ ভাষণ আৰু মত বিনিময়।
  • প্রজেক্ট সদ্ভাৱনাত প্রতিগৰাকী চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সহযোগিতা বিচাৰিছো।
  • কিছু চাকৰিয়ালৰ DP থাকিলে সেই প্রক্রিয়া ৩ বছৰ লাগে ।
  • যিটো কেছ ৬মাহত কৰিব পাৰি তাৰ বাবে ৩ বছৰ কিয় লাগে বুলি প্ৰশ্ন মুখ্যমন্ত্ৰীৰ।
  • পেঞ্চনৰ কাম কৰ্মচাৰীসকলে নিজে আগভাগ লৈ কৰিব লাগে।
  • কাৰণ তেওঁলোকৰ সেয়া নিজৰ কৰ্তব্য।
  • এই কাম মুখ্যমন্ত্রীয়ে কিয় কৰিব লাগে?
  • কৰ্মচাৰী পৰিষদে বিভিন্ন সমস্যা লৈ আহে, কিন্তু পেঞ্চনৰ কথা একো নকয়।
  • তেওঁলোকে কৰ্মচাৰীৰ অৱসৰৰ পিছৰ ফাইল ৰখাই থ'ব নালাগে।
  • সেয়া তেওঁলোকৰ সতীৰ্থৰ কাম।
  • নিয়ম ভঙাৰ কাম আৰম্ভ হ'লে ফাইলৰ দ'ম হয়।
  • আমি অসমখনত পৰিৱৰ্তন আনিব লাগিব, নহ'লে আমাৰ সন্তানে ভুগিব লাগিব।
  • কেবিনেটত এখন কৰ কমিটী বনাই দিয়া হৈছে।
  • তেওঁলোকে এখন SOP বনাই ফাইলসমূহ নিষ্পত্তি কৰিব।
  • ২০২৩ৰ ১০মে'ৰ পূৰ্বে পুৰণি ফাইলৰ কাম নিষ্পত্তি কৰা হ'ব।
  • মিছন বসুন্ধৰাৰ কামত আমি সফল হৈছো।
  • ভবাতকৈ বেছি মানুহে মিছন বসুন্ধৰাত আবেদন কৰিছে।
  • এতিয়া মিছন বসুন্ধৰা-২ৰ কাম আৰম্ভ কৰিম।
  • জনতা ভৱনত স্বচ্ছতা আনিব লাগিব।
  • গ্রীণ এণ্ড ক্লিন সচিবালয় হ'ব লাগিব।
  • সচিবালয়ত ড্রেচ কোড বুলি কথা নাই, সকলোৱে ভাল কাপোৰ পিন্ধি আহিলে হ'ল।
  • ২০২৩ৰ ১০মে'ৰ পৰা কাগজবিহীন কাম আৰম্ভ কৰা হ'ব।