অসম

অসমত মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি হিমন্তবিশ্ব শৰ্মা ক’ব নালাগিছিলঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী

asomiyapratidin

ডিজিটেল ডেস্কঃ ৰাজ্যৰ স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাস্ক পিন্ধাক লৈ কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, অসমত হিমন্ত বিশ্ব শৰ্মাই মাস্ক পৰিধান কৰাৰ প্ৰয়োজন নাই বুলি কৰা মন্তব্য উচিত হোৱা নাই। মাস্ক পৰিধান কৰাটোৱে হৈছে কোৰোনা মহামাৰীৰ পৰা হাত সৰা প্ৰথম আৰ ডাঙৰ প্ৰতিষেধক।

তেওঁ স্পষ্টভাৱে কয় যে, বিশ্ব তথা দেশৰ এই সংকটৰ কালত সকলো মাস্ক পৰিধান কৰাৰ অতি প্ৰয়োজন। সেয়া কোনোবা মন্ত্ৰীয়েই হওক বা উচ্চ পদস্থ বিষয়াই হওক। উল্লেখ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ সময়ত এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত অসমত কোৰোনা নাই, অসমত মাস্ক পিন্ধাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰাৰ উপৰিও মাস্ক পিন্ধিলে বিউটি পাৰ্লাৰ সমূহ কেনেকৈ চলিব বুলি মন্তব্য কৰিছিল।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, দেশত দ্ৰুত গতিত কোৰোনা সংক্ৰমণৰ ঘটনা সংঘটিত হৈ আছে। কোৰোনাৰ প্ৰতিষেধক উপলব্ধ হোৱাৰ বাবে বহু লোকে এতিয়া কোৰোনাৰ বাবে ল'বলগীয়া সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন নাই বুলি ভাবি লৈছে। এই ধাৰণাৰ বাবেই বৰ্তমান দেশত পুনৰ কোৰোনাৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। সেয়েহে এনে ধাৰণা মন-মগজুৰ পৰা বাদ দি বিগত বছৰৰ সংকটকালীন সময়ৰ কথা মনত পেলাই পুনৰ দেশবাসীক সতৰ্ক হ'বলৈ আহ্বান জনায় কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।