অসম

আৰক্ষী বিষয়াক ধমকঃ মুখ্যমন্ত্ৰী নিৰ্দেশকো কেঞা আঙুলি অমিয় ভূঞাৰ, দলীয় মজিয়াত ব্যৱস্থা গ্ৰহণৰ ইংগিত হিমন্ত বিশ্ব শৰ্মাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ দলীয় মজিয়াত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞাৰ বিৰুদ্ধে। পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, অমিয় ভূঞাৰ বিৰুদ্ধে দলীয় মজিয়াত বিষয়টো বিবেচনা কৰা হ'ব। উল্লেখযোগ্য যে, দুগৰাকীকৈ আৰক্ষী বিষয়াক নীতি বিপৰীতে কাম কৰিবলৈ নিৰ্দেশ দিছিল অমিয় ভূঞাই।

আৰক্ষী বিষয়া দুজনৰ সৈতে হোৱা সেই কথোপকথন সংবাদ মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে বিধায়কগৰাকীক তেনে নকৰিবলৈ সকিয়নি প্ৰদান কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত অমিয় ভূঞাই মুখ্যমন্ত্ৰীক উভতি ধৰাত পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

ইফালে ৰমাকান্ত দেউৰীয়ে পি এছ অ' জনপ্ৰতিনিধৰ ষ্টেটাছৰ চিম্বল বুলি কৰা মন্তব্যকো খণ্ডন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইয়া কেতিয়াও হ'ব নোৱাৰে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয়, এক/দুবছৰৰ পিছত তেওঁলোকেই বিপৰীত প্ৰতিক্ৰিয়া ব্যক্ত কৰিব।