অসম

অসমত কিমান লোক আছে হ’ম কোৱাৰেন্টাইনত, ৯ এপ্ৰিলত ওলাব ফলাফল…

asomiyapratidin

ডিজিটেল ডেস্কঃ লকডাউন খোলাৰ পিছত মন গ'লেই কোনো লোক আহিব নোৱাৰিব বহিঃৰাজ্যৰ পৰা। নিৰ্দিষ্ট লোকহে আহিব পাৰিব এদিনত। ইয়াৰ বাবে তেওঁলোকে চৰকাৰক জনাব লাগিব। এটা ৱেব পৰ্টেল মুকলি কৰিব চৰকাৰে। তাৰ পিছতে চৰকাৰে প্ৰদান কৰিব এন্ট্ৰি পাৰ্মিট। কিয়নো একেদিনাই অসমলৈ বহিঃৰাজ্যৰ বহুলোক আহিলে কোৱাৰেন্টাইনত ৰখাৰ ক্ষেত্ৰত অসুবিধাই দেখা দিব।

চিকিৎসক, নাৰ্ছ, পেৰামেডিকেলৰ লোকসকলৰ বাবেও এটা ৱেবচাইট মুকলি কৰা হ'ব। চৰকাৰী ব্যৱস্থাৰে সৈতে এতিয়া জড়িত হৈ নথকা চিকিৎসক, নাৰ্ছ, পেৰামেডিকেলৰ লোকসকলে সেই ৱেবচাইটত নিজকে পঞ্জীয়ন কৰিব পাৰিব। তেওঁলোকে নিজাকৈ সহায় কৰিব পাৰিব চৰকাৰক কোৰোনাৰ সৈতে যুঁজি দিয়াত।

৯ এপ্ৰিলত ৭৪ হাজাৰ লোকৰ হ'ম কোৱাৰেন্টাইন শেষ হ'ব। সেই দিনাই লোকসকলক স্বাস্থ্য পৰীক্ষা হ'ব। তাৰ পিছতে জিলাসমূহে দিব পৰীক্ষাৰ ফলাফল। ইফালে মন্ত্ৰীগৰাকীয়ে কয়, অসমত হ্ৰাস পাইছে পেৰাচিটামল বিক্ৰী। পানীলগা লোকো এতিয়া অসমত নোহোৱা হৈছে।