১১২ খন কেবিনেটত ১,৫১৩ টা সিদ্ধান্ত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে...
১১২ খন কেবিনেটত ১,৫১৩ টা সিদ্ধান্ত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে... 
অসম

১১২ খন কেবিনেটত ১,৫১৩ টা সিদ্ধান্ত গ্ৰহণ কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ২০২৩ বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অসম চৰকাৰৰ মুঠ ১১২ খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে। এই কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে ১৫১৩ টা সিদ্ধান্ত। এই কথা জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

সোমবাৰে পুৱা এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, ৩১ ডিচেম্বৰ, ২০২৩ লৈকে অসম চৰকাৰে ১১২ খন কেবিনেট বৈঠক অনুষ্ঠিত কৰিলে। এই বৈঠকত মুঠ ১,৫১৩ টা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে ১,৩৭০ টা সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে। গুৱাহাটীৰ বাহিৰত ২০২৩ চনত মুঠ ৪ খন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে।

ইয়াৰোপৰি তেওঁ কয়, চৰকাৰ গঠন কৰা ২ বছৰ ৮ মাহ সম্পূৰ্ণ হৈছে আৰু এই সময়ছোৱাত তেওঁৰ চৰকাৰে ১৩ খন কেবিনেট বৈঠক গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কৰিছে।

মুখ্যমন্ত্ৰী হিচাপে তেওঁ এই পৰ্যন্ত ২৮ খন জিলা ভ্ৰমণ কৰাৰ লগতে ৩১ টা দিন জিলাৰ সদৰত অতিবাহিত কৰিছে। ইয়াৰোপৰি তেওঁ জনাইছে ২০২৩ ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু এবাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুবাৰ অসম ভ্ৰমণলৈ আহিছে। মুঠ ৪৪ গৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীয়ে এই সময়ছোৱাত অসম ভ্ৰমণ কৰিছে।